Wildlife and National Park of Assam – অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান

অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান [ Part 1 ]
1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ – গোলাঘাট জিলাত অৱস্থিত । ইয়াত গঁড় , বাঘ , ম’হ , হাতী , পহু আৰু বিভিন্ন জাতিৰ সাপ – পক্ষী আদি পোৱা যায় ।

2. মানাহ ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ – বৰপেটা আৰু বঙাইগাঁও জিলাত অৱস্থিত । ইয়াৰ প্ৰধান জন্তু হ’ল – হাতী , বাঘ আৰু সোণালী বান্দৰ ।

3. পবিতৰা অভয়াৰণ্য

উত্তৰঃ – মৰিগাঁও জিলাত অৱস্থিত । এই অভয়াৰণ্যত গঁড় , ম’হ , গাহৰি আৰু বিভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায় ।

4. ওৰাং ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ – দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত । ইয়াত গঁড় ,হাত , বাঘ আৰু ফেঁটীসাপ পোৱা যায় ।

5. পদুমণি অভয়াৰণ্য

উত্তৰঃ – এই অভয়াৰণ্যখন তিনিচুকীয়াৰ ভেৰজানত অৱস্থিত । ইয়াত চুটি নেজৰ বান্দৰ পোৱা যায় ।

6. অসমৰ বৃহত্বম ৰাষ্ট্ৰীয় উদ্যান কোনখন ?

উত্তৰঃ মানাহ ৰাষ্ট্ৰীয় উদ্যান।

7. অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ?

উত্তৰঃ ৫ খন।

8. অসমৰ ৰাজ্যিক ফুল কি ?

উত্তৰঃ কপৌ ফুল।

9. অসমৰ ৰাজ্যিক বৃক্ষ কি ?

উত্তৰঃ হোলোং গছ।

10. অসমৰ ৰাজ্যিক পশু কি ?

উত্তৰঃ এশিঙ্গীয়া গড়।

11. অসমৰ ৰাজ্যিক পক্ষী কি ?

উত্তৰঃ দেওঁ হাঁহ।

12. অসমত পোৱা বন মানুহবিধক কি বুলি কোৱা হয় ?

উত্তৰঃ হুলক গিবন।

13. অসমত কিমান প্রজাতিৰ স্তন্যপায়ী প্রাণী পোৱা যায় ?

উত্তৰঃ ১৮৯ বিধ।

14. ‘পিগমী-হগ’ (Pigmy-Hog) ৰ অসমীয়া স্থানীয় নাম কি ?

উত্তৰঃ নল-গাহৰি।

15. কুলিৰ বৈজ্ঞানিক নাম কি ?

উত্তৰঃ ইউ ডাইনামিছ স্কোলোপাছিয়া।

16. অসমত পোৱা এশিঙ্গীয়া গড়ৰ শিংৰ দৈর্ঘ কিমান ?

উত্তৰঃ ১৫ – ১৬ ইঞ্চি।

17. অসমৰ সৰ্বাধিক উচ্চতাৰ বাঁহ কোনবিধ ?

উত্তৰঃ বৰ ভালুক (৩০ মিটাৰ)।

18. অসমত মুঠ কিমান প্রজাতিৰ কপৌ ফুল পোৱা যায় ?

উত্তৰঃ ১৮২ প্ৰজাতিৰ।

19. অসমৰ বৃহত্বম বৃক্ষ কি ?

উত্তৰঃ হোলোং।

20. কোন চনত চৰকাৰে বৰনদীক বন্যপ্রাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়ে ?

উত্তৰঃ ১৯৮১ চনত।


অসমৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান [ Part 2 ]
1. অসমৰ পাহাৰীয়া জিলাসমূহৰ বনজ সম্পদ সংৰক্ষণ আৰু ব্যৱহাৰৰ দায়িত্ব কাক দিয়া হৈছে ?

উত্তৰঃ জিলা পৰিষদক।

2. অসমৰ সমভূমি অঞ্চলৰ জিলাসমূহৰ বনজ সম্পদমূহৰ সংৰক্ষণৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছে ?

উত্তৰঃ বন বিভাগ, অসম।

3. ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে কোন চনত চৰকাৰৰ স্বীকৃতি লাভ কৰে ?

উত্তৰঃ ১৯৯৯ চনত।

4. অসমৰ হাবিত কেই প্রজাতিৰ মাছ পোৱা যায় ?

উত্তৰঃ ১২৮ টা।

5. ডিব্ৰু – চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ – এইখন ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত । ইয়াৰ প্ৰধান জন্তু হ’ল বাঘ আৰু হাতী ।

6. গৰমপানী অভয়াৰণ্য

উত্তৰঃ – ই কাৰ্বি আংলংত অৱস্থিত । ইয়াত বাঘ , হাতী আৰু হলুবান্দৰ পোৱা যায় ।

7. পানীদিহিং অভয়াৰণ্য

উত্তৰঃ – এই অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত । পানীদিহিং অভয়াৰণ্যৰ প্ৰধান প্ৰাণী হ’ল-

ৰাজহাঁহ , বগলী আৰু চুটি নেজৰ বান্দৰ ।

8. চক্ৰশিলা অভয়াৰণ্য

উত্তৰঃ – ই ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত । ইয়াত সোণালী বান্দৰ , বাঘ , চিতাবান্দৰ আদি পোৱা যায় ।

9. সোনাই ৰূপা অভয়াৰণ্য

উত্তৰঃ – এই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত । ইয়াৰ প্ৰধান প্ৰাণী – বাঘ , হাতী আৰু হৰিণা ।

10. অসমৰ দুটা পক্ষী অভয়াৰণ্যৰ নাম কোৱা ?

উত্তৰঃ ‘পানী দিহিং’ আৰু ‘দীপৰ বিল’।

11. ‘দেও হাঁহ’ৰ বৈজ্ঞানিক নাম কি ?

উত্তৰঃ কাইছিনা ছুটুলাতা।

12. অসমত থকা দুটা ব্যাঘ্ৰ সংৰক্ষণ কৰা ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ?

উত্তৰঃ ‘মানাহ ৰাষ্ট্ৰীয় উদ্যান’ আৰু ‘নামেৰী ৰাষ্ট্ৰীয় উদ্যান’।

13. অসমত হাতীৰ আবাসিক ভূমি কোনখন অভয়াৰণ্যত সৰ্বাধিক ?

উত্তৰঃ পাভৈ অভয়াৰণ্যত।

14. অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ এশিঙ্গীয়া গড়ৰ বাবে।

15. মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান ?

উত্তৰঃ ৫০০ বৰ্গ কিলোমিটাৰ।

16. ‘পবিতৰা অভয়াৰণ্য’ কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে ?

উত্তৰঃ ১৯৮৭ চনত।

17. ‘মানস অভয়াৰণ্য’ কোনবিধ জন্তুৰ ৰাষ্ট্ৰীয় বাবে বিখ্যাত ?

উত্তৰঃ বাঘ।

18. সোণাই-ৰূপাই অভয়াৰণ্যখন ক’ত অৱস্থিত ?

উত্তৰঃ শোণিতপুৰ জিলাত।

19. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান ?

উত্তৰঃ ৪৩০ বৰ্গ কিলোমিটাৰ।

Suggest Read: Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য