Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী

অসম বুৰঞ্জী [Part 1]

1. ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ অতীতৰ জ্ঞানৰ ভঁৰাল।

2. কুৰুক্ষেত্র যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?

উত্তৰঃ ভগদত্ত।

3. কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ পুষ্য বৰ্মণ।

4. পুৰণি কামৰূপৰ চাৰিভাগ –

উত্তৰঃ – (১) ৰত্নপীঠ , (২) কামপীঠ ,

(৩) স্বৰ্ণপীঠ আৰু (৪) সৌমাৰপীঠ ।

5. আহোমসকলৰ ভাষাত অসমৰ নাম –

উত্তৰঃ – মুঙদুনদুন খাম ।

6. আহোমসকল অসমলৈ আহিছিল –

উত্তৰঃ – ১২২৮ খ্ৰীষ্টাব্দত ।

6. আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল –

উত্তৰঃ – স্বৰ্গদেউ চাওলুং চুকাফাই ।

7. আহোমৰ প্ৰথম ৰাজধানী –

উত্তৰঃ – চৈ – ৰাই – ডয় অৰ্থাৎ চৰাইদেউ ।

8. আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল –

উত্তৰঃ – স্বৰ্গদেউ ৰুদ্ৰসিংহ ।

9. আহোমৰ শেষ ৰজাজন –

উত্তৰঃ – চন্দ্ৰকান্ত সিংহ ।

10. পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন –

উত্তৰঃ – চুক্লেনমুং ।

11. আহোম প্ৰথমতে হোৱা বিবাহ –

উত্তৰঃ – চকলং ।

12. ল’ৰাৰজাৰ প্ৰকৃত নাম –

উত্তৰঃ – চুলিকফা ।

13. সতী জয়মতী –

উত্তৰঃ – আহোম ৰজা গদাধৰ সিংহৰ পত্নী । এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিল ।

14. বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ?

উত্তৰঃ ভাস্কৰ বৰ্মণ।

15. যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?

উত্তৰঃ ৪ ভাগত।

16. কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?

উত্তৰঃ ৫৯৪ খ্ৰীষ্টাব্দত।

17. ‘নাগশংকৰ দেৱালয়’ কোনে সজাইছিল·

উত্তৰঃ কামৰূপৰ ৰজা নৰশঙ্কৰে।

18. ‘শালস্তম্ভ বংশ’ৰ প্ৰথম ৰজাজন কোন আছিল ?

উত্তৰঃ শালস্তম্ভ।

19. শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্রীষ্টাব্দত ?

উত্তৰঃ ৬৫০ খ্ৰীষ্টাব্দত।

20. ‘শালস্তম্ভ বংশ’ৰ অন্তিম ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ ত্যাগ সিংহ।

See more: Assam GK

অসম বুৰঞ্জী [Part 2]
 1. শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?

উত্তৰঃ নেপালৰ।

2. পালবংশৰ অন্ত পৰে কিমান চনত ?

উত্তৰঃ ১১১২ চনত।

3. পাল বংশৰ প্রথম ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ ব্রহ্মপাল।

4. পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?

উত্তৰঃ ৯৯০ চনত।

5. মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১২৫৭ চনত।

6. অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ চুকাফা

7. চুকাফা ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?

উত্তৰঃ মাওলুং

8. ‘মুনডুং চুনখাম’ মানে কি ?

উত্তৰঃ সোণৰ বাগিছাৰে ভৰা দেশ।

9. জয়ন্তীয়া ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?

উত্তৰঃ নৰিয়া ৰজা

10. আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?

উত্তৰঃ ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈ।

11. কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয় ?

উত্তৰঃ চুডাংফা

12. অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী তুলি নিয়ে ?

উত্তৰঃ চুডাংফা।

13. কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ’ নাম লৈছিল ?

উত্তৰঃ চুকামফা।

14. ‘দিহিঙিয়া ৰজা’ বুলি কাক কোৱা হয় ?

উত্তৰঃ চুহুংমুং।

15. কোনজন আহোম ৰজাই অসমত প্রথম লোকপিয়ল কৰে ?

উত্তৰঃ চুহুংমুং।

16. কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা’ বুলি কোৱা হয় ?

উত্তৰঃ চুক্লেংমুং।

18. অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত ?

উত্তৰঃ কাঁহৰ বাচন।

19. প্রথম আহোম ‘বৰবৰুৱা’ কোন আছিল ?

উত্তৰঃ মোমাই তামুলী বৰবৰুৱা

20. অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি কোনে কৰে ?

উত্তৰঃ চুচেনফা।

অসম বুৰঞ্জী [Part 3]
1. অসমৰ কোনজন ৰজাক ‘কুঁজা ৰজা’ বুলি কোৱা কোৱা হয় ?

উত্তৰঃ চুটিনফা।

2. কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?

উত্তৰঃ শিৱ সিংহ ।

3. বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?

উত্তৰঃ শিৱ সিংহ।

4. প্রথম আহোম ‘বৰৰজা’ কোন আছিল ?

উত্তৰঃ ফুল্লেশ্বৰী।

5. অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয় ?

উত্তৰঃ সর্বেশ্বৰীক ।

6. ‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে ?

উত্তৰঃ সুকুমাৰ বৰকাইথ।

7. কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা ৰণ’ হয় ?

উত্তৰঃ ৰাজেশ্বৰ সিংহ।

8. মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ?

উত্তৰঃ ৰাজেশ্বৰ সিংহ।

9. মণিৰাম দেৱানৰ ফাঁচি –

উত্তৰঃ – ১৮৫৮ চনত ।

10. ইংৰাজে বন্দী কৰা আহোম ৰজাজন –

উত্তৰঃ – পুৰন্দৰ সিংহ ।

11. অসমৰ আটাইতকৈ ওখ মন্দিৰটো –

উত্তৰঃ – শিৱদৌল ।

12. অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন –

উত্তৰঃ – বদন বৰফুকন ।

13. চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন –

উত্তৰঃ – মণিৰাম দেৱান ।

14. ১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী –

উত্তৰঃ – কনকলতা বৰুৱা ।

15. ১৯৪২ চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন –

উত্তৰঃ – মুকুন্দ কাকতি ।

16. ১৯৪২ চনৰ আন্দোলনত বঢ়মপুৰত শ্বহীদ হোৱা মহিলা গৰাকী –

উত্তৰঃ – ভোগেশ্বৰী ফুকননী ।

17. অসমৰ কৃষক বিদ্রোহত ফুলগুৰিৰ সংঘর্ষত ১৮৬১ চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন –

উত্তৰঃ – লেফটেনান্ট চিংগাৰ ।

18. ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা –

উত্তৰঃ – ৫৪ জন ।

19. দিহিংঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন –

উত্তৰঃ – শ্ৰীমন্ত শংকৰদেৱ ।

20. ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যৎবাণী কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন –

উত্তৰঃ – শিৱ সিংহ ।

অসম বুৰঞ্জী [Part 4]
1. পথৰুঘাটৰ ৰণ হৈছিল –

উত্তৰঃ – ১৮৯৪ চনত ।

2. ‘ৰত্নমালা’ কিতাপখন কোনে ৰচনা কৰে ?

উত্তৰঃ পুৰোষোত্তম বিদ্যানিধি।

3. কিমান চনত চুটীয়া ৰাজ্য স্থাপিত হয় ?

উত্তৰঃ ১১৮৯ চনত।

4. কিমান চনত কনকলতা শ্বহীদ হয় ?

উত্তৰঃ ১৯৪২ চনত।

5. কিমান চনত অসমত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হয় ?

উত্তৰঃ ১৯৩৫ চনত।

6. কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে ?

উত্তৰঃ ১৯২৬ চনত।

7. বিখ্যাত ‘কাৰেং ঘৰ’ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰঃ ৰাজেশ্বৰ সিংহই।

8. ১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল ?

উত্তৰঃ ৰমাকান্তক।

9. কোনজন আহোম ৰজাই প্রথম ইংৰাজৰ সহায় বিচাৰিছিল ?

উত্তৰঃ চুখ্ৰামফাই।

10. কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল ?

উত্তৰঃ কমলেশ্বৰ সিংহ।

11. কিমান চনত মানসকলে প্রথম আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৮১৭ চনত।

12. কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৮১৮ চনত।

13. কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰঃ ১৮২০ চনত।

14. যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে ?

উত্তৰঃ ১৮২১ চনত।

15. কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈবষžৱ’ ধৰ্ম প্রচাৰ আৰম্ভ কৰে ?

উত্তৰঃ চুহুংমুং।

16. কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয় ?

উত্তৰঃ চুকামফা।

17. কোনজন আহোম ৰজাই ‘প্রতাপ সিংহ’ উপাধি গ্রহণ কৰে ?

উত্তৰঃ চুচেনফা।

18. উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে ?

উত্তৰঃ কালাপাহাৰে।

19. কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উত্তৰঃ চুতিনফা।

20. পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্রৱেশ কৰে ?

উত্তৰঃ আহোম জনজাতিৰ লোকে।

অসম বুৰঞ্জী [Part 5]
1. কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় ?

উত্তৰঃ ৰামধ্বজ সিংহ।

2. লালুকসোলা বৰফুকনক কোনে হত্যা কৰে ?

উত্তৰঃ ভোটাই ডেকাই।

3. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল ?

উত্তৰঃ চুখ্ৰামফা।

4. অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায় ?

উত্তৰঃ চুৰামফা

5. আহোম ৰজা’ ‘চুৰামলা’ৰ হিন্দু নাম কি ?

উত্তৰঃ জয়ধবজ সিংহ

6. কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ পদৰ সৃষ্টি কৰে ?

উত্তৰঃ চুচেনফা

7. ৰুদ্ৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে ?

উত্তৰঃ ১৬৯৬ চনত।

8. কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে ?

উত্তৰঃ ১৮২৬ চনত।

9. কিমান চনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উত্তৰঃ ১৬৬২ চনত।

10. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত ?

উত্তৰঃ যোৰহাটত।

11. স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ গোপীনাথ বৰদলৈ।

12. অসমৰ প্রথম চাহ খেতিয়ক কোন আছিল ?

উত্তৰঃ জগন্নাথ বৰুৱা।

13. অসমৰ পৰা প্রথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে ?

উত্তৰঃ ফখৰুদ্দিন আলি আহমেদ।

14. কোচৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল ?

উত্তৰঃ মহাৰাজ নৰনাৰায়ণ।

15. অসমৰ কাক ‘লোকপ্রিয়’ বুলি কোৱা হয় ?

উত্তৰঃ গোপীনাথ বৰদলৈ।

16. শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল ?

উত্তৰঃ লাচিত বৰফুকন।

17. হিউৱেনচাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল ?

উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মন।

18. কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে ?

উত্তৰঃ ১৯২১ চনত।

19. অসম সাহিত্য সভাৰ প্রথম অধিবেশন কিমান চনত বহে ?

উত্তৰঃ ১৯১৭ চনত।

20. বাণ ৰজাৰ কন্যা –

উত্তৰঃ – ঊষাদেৱী ।

অসম বুৰঞ্জী [Part 6]
1. কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে –

উত্তৰঃ – নৰাকাসুৰে ।

2. কোচ বংশৰ শ্ৰেষ্ঠ ৰজা –

উত্তৰঃ – নৰনাৰায়ণ ।

3. নৰনাৰায়ণৰ সেনাপতি –

উত্তৰঃ – মহাবীৰ চিলাৰায় ।

4. ইয়াণ্ডাবু সন্ধি –

উত্তৰঃ – ১৮২৬ খ্ৰীষ্টাব্দত হয় । এই সন্ধি মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল । সন্ধিৰ স্বৰ্ত্তমতে অসম ইংৰাজৰ অধীনলৈ যায় ।

5. অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ –

উত্তৰঃ – পিয়লি ফুকন ।

6. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম –

উত্তৰঃ – ১৮৮৮ চনৰ ২৫ আগষ্টত ।

7. আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওৱা সন্ধিটো –

উত্তৰঃ – ঘিলাঝাৰী ঘটাৰ সন্ধি ।

8. আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ –

উত্তৰঃ – ইটাখুলি ৰণ ।

9. মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল –

উত্তৰঃ – ২০৬ খ্ৰীষ্টাব্দত ।

10. মানৰ প্ৰথম আক্ৰমণ –

উত্তৰঃ – ১৮১৭ চনত ।

11. মহাত্মা গান্ধী অসমলৈ আহে –

উত্তৰঃ – ১৯২১ চনত ।

12. অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি –

উত্তৰঃ – তৰুণৰাম ফুকন ।

13. ১৯৪২ চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন –

উত্তৰঃ – কুশল কোঁৱৰ ।

14. অসমত ‘দাস প্ৰথা’ বিলোপ হয় –

উত্তৰঃ – ১৮৪৩ চনত ।

15. কিমান চনত ইংৰাজসকলে পিয়লী ফুকনক ফাঁচী দিয়ে ?

উত্তৰঃ ১৮৩৮ চনত।

16. কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্রৱৰ্তন হয় ?

উত্তৰঃ ১৮৩৭ চনত।

17. কিমান চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয় ?

উত্তৰঃ ১৮৮৮ চনত।

18. কিমান চনত মনিৰাম দেৱানক ফাঁচী দিয়া হয় ?

উত্তৰঃ ১৮৫৮ চনত।

19. কিমান চনত কোচ ৰাজবংশ প্রতিষ্ঠা হয় ?

উত্তৰঃ ১৫১৫ চনত।

20. কোন চনত ‘অসম চুক্তি’ স্বাক্ষŽৰিত হৈছিল ?

উত্তৰঃ ১৯৮৫ চনত।

See more: Assam History

অসম বুৰঞ্জী [Part 7]
1. অসমৰ ৰাজধানী কেতিয়া শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় ?

উত্তৰঃ ১৯৭৪ চনত।

2. কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৭৯ চনত।

3. অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৬০ চনত।

4. কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১৬১৫ চনত।

5. কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ?

উত্তৰঃ ১৪৪৯ চনত।

6. কেতিয়া চিলাৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৫৭৫ চনত।

7. অসমত কেতিয়া পঞ্চায়তীৰাজ আৰম্ভ হয় ?

উত্তৰঃ ১৮৯৬ চনত।

8. অসম মন্ত্ৰী পৰিষদৰ সদস্যপদ লাভ কৰা প্রথম গৰাকী মহিলা কোন আছিল ?

উত্তৰঃ শ্ৰীমতী পদ্ম কুমাৰী গোঁহাই।

9. স্বাধীন অসমৰ বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?

উত্তৰঃ হৰেশ্বৰ গোস্বামী।

10. অসমৰ প্রথম বৃটিচ চীফ কমিচনাৰজন কোন আছিল ?

উত্তৰঃ ক’লনেল কিটিং।

11. কোন চনত বৃটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল ?

উত্তৰঃ ১৮২৮ চনত।

12. ‘আভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?

উত্তৰঃ ১৮৭৩ চনত।

12. ‘তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা।’ – কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ কনকলতাই।

13. প্রাচীন কামৰূপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল ?

উত্তৰঃ অমৃতপ্ৰভাক।

14. অসম আৰু তিৰ্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল ?

উত্তৰঃ ৰুদ্ৰসিংহই, ১৭০৩ চনত।

15. ব্রহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগম স্থল বুলি কোৱা হয় ?

উত্তৰঃ দিহিং, দিবং আৰু লুইত নৈৰ।

16. মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১৮ বাৰ।

17. অসম ‘ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯১৬ চনত।

18. শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱৰ ক’ত ‘মণিকাঞ্চণ’ সংযোগ হৈছিল বুলি কোৱা হয় ?

উত্তৰঃ মাজুলী নদী-দ্বীপৰ বেলগুৰিত। 

19. ১৯০৫ চনত গোলাঘাটৰ সৰু পথাৰত জন্ম গ্ৰহণ কৰা আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন ?

উত্তৰঃ কুশল কোঁৱৰ।

20. আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন ?

উত্তৰঃ চন্দ্ৰকান্ত সিংহ।

অসম বুৰঞ্জী [Part 8]
1. হিউৱেনচাং কিমান চনত অসমলৈ আহে ?

উত্তৰঃ ৬২০ চনত।

2. কিমান চনত চুকাফাৰ মৃত্যু হয় ?

উত্তৰঃ ১২৬৮ চনত।

3. অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰঃ গুৱাহাটীত।

4. অসমৰ প্রথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ চৈয়দা আনোৱাৰা টাইমূৰ।

5. প্রথম অসমীয়া খ্রীষ্টান কোন আছিল ?

উত্তৰঃ নিধি লেভী ফাৰৱেল।

6. কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্রথম অসমীয়া মহিলা কোন আছিল ?

উত্তৰঃ ৰেণুকা দেৱী বৰকটকী।

7. কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেওত স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১২৫৩ চনত।

8. আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল ?

উত্তৰঃ ১৬৮১ চনত।

9. অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল ?

উত্তৰঃ ১৫৪৮ চনত।

10. গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯৪৮ চনত।

11. অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৬৯৪ চনত।

12. কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয় ?

উত্তৰঃ ১৮২৩ চনত।

13. অসম বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?

উত্তৰঃ বসন্ত দাস।

14. কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল ?

উত্তৰঃ ১৮৭৪ চনত।

15. কিমান চনত মুছলমানসকলে প্রথমবাৰ অসম আক্ৰমণ কৰে ?

উত্তৰঃ ১২০৬ চনত।

16. ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্রথমজন শ্বহীদ কোন আছিল ?

উত্তৰঃ খৰ্গেশ্বৰ তালুকদাৰ।

17. কোনজন আহোম ৰাজক উত্তৰ-পূৱ ভাৰতৰ ‘শিৱাজী’ বুলি কোৱা হয় ?

উত্তৰঃ স্বৰ্গদেও ৰুদ্ৰসিংহক।

18. কিমান চনত অসমত জল-জাহাজ সেৱা আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৭৪ চনত।

19. অসমত কেতিয়া ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৬৬ চনত।

20. প্রথমবাৰৰ বােব অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ?

উত্তৰঃ ১৯৭৯ চনত।

অসম বুৰঞ্জী [Part 9]
1. কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী পাট্টা’ আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ ১৮৮৬ চনত।

2. ‘জয়দৌল’ আৰু ‘জয়সাগৰ পুখুৰী’ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ আহোম স্বৰ্গদেও ৰুদ্ৰসিংহই।

3. আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত অৱস্থিত ?

উত্তৰঃ বশিষ্টাশ্ৰমত ।

4. অসমৰ প্ৰাচীনতম নাম –

উত্তৰঃ – প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ।

5. প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন –

উত্তৰঃ – কালিকা পুৰাণ ।

6. অসমৰ প্ৰাচীনতম শাসকগৰাকী –

উত্তৰঃ – মহীৰংগ দানৱ ।

7. প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত –

উত্তৰঃ – বৰ্তমান বাংলাদেশৰ কৰতোৱা নদী ।

8. প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত –

উত্তৰঃ – বঙ্গোপসাগৰ ।

9. প্ৰাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগত বিভক্ত আছিল –

উত্তৰঃ – ১) কামপীঠ – ( সোণকোষ বা স্বৰ্ণকোষ নদীৰপৰা ৰূপহী নদীলৈকে ) ।

২) ৰত্নপীঠ – ( পূবে স্বৰ্ণকোষ নদীৰপৰা পশ্চিমে বৰ্তমানৰ বাংলাদেশৰ কৰতোৱা নদীলৈকে বিস্তৃত অঞ্চল ) ।

৩) স্বৰ্ণপীঠ – ( ৰূপহীৰ পৰা ভৰালী নদীলৈ ) ।

৪) সৌমাৰপীঠ – ( ভৰলীৰপৰা দিকৰাই বা ডিক্ৰঙলৈ ) ।

10. সতী জয়মতীক শাস্তি দিয়া পথাৰখন –

উত্তৰঃ – জেৰেঙা পথাৰ ।

11. মূলা গাভৰু –

উত্তৰঃ – বৰগোঁহাই ফ্ৰাঙচেংমুঙৰ পত্নী । তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰু পক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল ।

12. শৰাইঘাটৰ যুদ্ধ হৈছিল –

উত্তৰঃ – ১৬৭১ খ্ৰীষ্টাব্দত । ( মোগল আৰু আহোমৰ মাজত হৈছিল ) ।

13. শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি আছিল –

উত্তৰঃ – লাচিত বৰফুকন ( আহোম ) আৰু ৰাম সিং (মোগল) ।

14. প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল –

উত্তৰঃ – ১৭৬৯ খ্ৰীষ্টাব্দত ।

15. দন্দুৱা বিদ্ৰোহ হৈছিল –

উত্তৰঃ – আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত ।

16. দন্দুৱা বিদ্ৰোহ নেতা –

উত্তৰঃ – হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই – ককাই ।

17. দন্দুৱা বিদ্ৰোহৰ কাৰণ –

উত্তৰঃ – কামৰূপত আহোম বৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰ ।

18. জলমবটা বা নকল আহোম –

উত্তৰঃ – ৰজা কীৰ্তিচন্দ্ৰ ।

19. ‘চকৰী ফেঁটী’ বুৰঞ্জীৰ ৰচক –

উত্তৰঃ – নুমলী বৰগোঁহাই ।

20. মোগলসকলে অসম আক্ৰমণ কৰিছিল –

উত্তৰঃ – ১৭ বাৰ ।

অসম বুৰঞ্জী [Part 10]
1. কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী পাট্টা’ আৰম্ভ কৰা হৈছিল ?

1. মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল –

উত্তৰঃ – ১৮৯১ খ্ৰীষ্টাব্দত ।প

2. অসমলৈ মান আনিছিল –

উত্তৰঃ – বদন বৰফুকনে ।

3. দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম –

উত্তৰঃ – চুহুংমুং ( দিহিং নদীৰ পাৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ কাৰণে ) ।

4. খোৰা ৰজা –

উত্তৰঃ – চুখ্ৰাংফা ।

5. ভগনীয়া ৰজা –

উত্তৰঃ – জয়ধ্বজ সিংহ ।

6. বৰ্মন বংশৰ শ্রেষ্ঠ ৰজা –

উত্তৰঃ – কুমাৰ ভাস্কৰ বৰ্মন ।

7. কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন –

উত্তৰঃ – ভগদত্ত ( কৌৰৱ পক্ষৰ হৈ ) ।

8. বাণ ৰজাৰ ৰাজধানী –

উত্তৰঃ – শোণিতপুৰ ।