অসমৰ হস্ত শিল্প | Handicrafts of Assam GK

অসমৰ হস্ত শিল্প সম্পৰ্কীয় সাধাৰণ জ্ঞান

1. ‘হস্তশিল্প’ বুলিলে কি বুজা ?

উত্তৰঃ ঘৰুৱা পৰিৱেশত সাধাৰণ সঁজুলিৰ সহায়ত হাতেৰে সা-সামগ্ৰী তৈয়াৰ কৰা শিল্পক ‘হস্তশিল্প’ বোলে।

2. বাঁহেৰে নিৰ্মিত ৰাজ্যখনৰ গৌৰৱময় প্রতীকটো কি ?

উত্তৰঃ জাপি।

3. বিবাহিতা মহিলাই অসমত কিহৰ খাৰু পিন্ধে ?

উত্তৰঃ শঙ্খৰ খাৰু।

4. অসমীয়া সমাজত তামোল পাণেৰে আদৰণি জনাবৰ বাবে ব্যবহৃত হোৱা পাত্ৰটোক কি বুলি কোৱা হয় ?

উত্তৰঃ শৰাই।

5. ধাৰাৰ অসমীয়া স্থানীয় নাম কি ?

উত্তৰঃ কঠ।

6. গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্রসিদ্ধ ?

উত্তৰঃ মৃৎ শিল্পৰ বাবে।

7. অসমৰ গৌৰৱময় সূতাবিধ কি ?

উত্তৰঃ মুগা।

8. অসমৰ দুটা পৰম্পৰাগত কুমাৰ সম্প্ৰদায়ৰ নাম কি ?

উত্তৰঃ কুমাৰ আৰু হীৰা।

9. লণ্ডণত সংৰক্ষিত অসমৰ তাঁতশালত বনোৱা বৃন্দাবনী বস্ত্ৰখন কোনে বনাইছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।

10. অসমৰ শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ পাট আৰু মুগাৰ বস্ত্ৰ শিল্পৰ বাবে বিখ্যাত।

11. কাঠৰ সুন্দৰ খোদন কাৰ্য কৰা শিল্পীসকলক কি বুলি কোৱা হয় ?

উত্তৰঃ খনিকৰ।

12. অসমত কিমান প্রজাতিৰ বাঁহ পোৱা যায় ?

উত্তৰঃ অসমত মুঠ ৫১ প্ৰজাতিৰ বাঁহ পোৱা যায়।

13. অসমৰ সৰ্থেবাৰী কিহৰ বাবে প্রসিদ্ধ ?

উত্তৰঃ কাঁহ-পিতলৰ সামগ্ৰীৰ বাবে ।

14. ‘অসমৰ শিপিনীয়ে তাঁত শালত সপোন ৰচে।’ – কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ মহামানৱ মহাত্মা গান্ধীয়ে।

15. অসমীয়া মহিলাৰ গৌৰৱময় পোছাক কোনটো ?

উত্তৰঃ মুগাৰ কােপাৰ।