অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান
1. অসমীয়া ভাষাৰ মূল ভাষা কি ?
উত্তৰঃ সংস্কৃত।
2. কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয় ?
উত্তৰঃ নৱম আৰু দশম শতিকাত।
3. অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে ?
উত্তৰঃ হয়।
4. অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তর্গত ?
উত্তৰঃ আৰ্য ভাষা গোষ্ঠীৰ অন্তৰ্গত।
5. পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত ?
উত্তৰঃ কামৰূপী ভাষা।
6. অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱক।
7. অসমীয়া নাট্য সাহিত্যৰ জনক কোন ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
8. শংকৰদেৱে তেওঁৰ নাটকসমূহ কি ভাষাত ৰচনা কৰিছিল ?
উত্তৰঃ অসমীয়া, বঙালী আৰু সংস্কৃত ভাষা মিশ্ৰিত ‘বজ্ৰাৱলী’ নামে এক কৃত্ৰিম ভাষাত।
9. কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায় ?
উত্তৰঃ ১৯৬০ চনত।
10. অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।
11. অসমীয়া ভাষাত ৰচনা কৰা প্রথম পাঠ্যপুথি কোনখন ?
উত্তৰঃ আনন্দৰাম ঢেকীয়াল ফুকনৰ দ্বাৰা ৰচিত ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ নামৰ কিতাপখনেই অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি।
12. অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য)।
13. ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি ?
উত্তৰঃ কথা গীতা।
14. প্রথম অসমীয়া অভিধান কোনে ৰচনা কৰে ?
উত্তৰঃ আমেৰিকান মিচনেৰী মাইকেল ব্রঞ্চন চাহােব ১৮৬৭ চনত।
15. অসমীয়া ভাষালৈ অনুবাদ কৰা প্রথম ইংৰাজী নাটক কোনখন ?
উত্তৰঃ উইলিয়াম শ্বেক্সপীয়েৰৰ ‘কমেডি অফ ইৰ’ৰচ’।
16. কোনে ইংৰাজী বাইলেৰ প্রথম অসমীয়া ভাঙনি কৰে ?
উত্তৰঃ আত্মৰাম শৰ্মাই ১৮৩৩ চনত।
17. অসমীয়া ভাষা লিখনিত কোনে প্রথমে ‘শ্বৰ্ট হেণ্ড’ (Short Hand) পদ্ধতি প্রৱৰ্তন কৰে ?
উত্তৰঃ ফণী শৰ্মাই।
18. প্রথম অসমীয়া উপন্যাস কোনখন ?
উত্তৰঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ দ্বাৰা ৰচিত ‘ভানুমতী’।
19. অসমত বসবাস কৰা কিমান শতাংশ লোকে অসমীয়া ভাষা কয় ?
উত্তৰঃ ৬০ % লোকে।
20. শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটকসমূহক কি বুলি কোৱা হয় ?
উত্তৰঃ অংকীয়া নাটক।
21. ‘জ্ঞানপীঠ বঁটা’ লাভ কৰা প্রথম অসমীয়া পুথি কোনখন ?
উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃতুঞ্জয়’ নামৰ উপন্যাসখন।
22. ‘মৃতুঞ্জয়’ উপন্যাসখনে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰে ?
উত্তৰঃ ১৯৭৯ চনত।
23. সাহিত্য একাডেমী বঁটা লাভ কৰা প্রথম অসমীয়া পুথি কোনখন ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’।
24. বনফুল পুথিখনে কোন চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে ?
উত্তৰঃ ১৯৫৫ চনত।
25. অসমত মঞ্চস্থ হোৱা প্রথম ভাওনা বা অংকীয়া নাটক কোনখন ?
উত্তৰঃ শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’।
26. অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সন্থাটোৰ নাম কি ?
উত্তৰঃ অসম সাহিত্য সভা।
27. অসম সাহিত্য সভাই প্রকাশ কৰা প্রথম অসমীয়া অভিধান কোনখন ?
উত্তৰঃ চন্দ্ৰকান্ত অভিধান।
28. কোনে ওমৰ খৈয়ামৰ ‘ৰুবায়ত’ নামৰ পুথিখন অসমীয়ালৈ অনুবাদ কৰে ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই।
29. সংগীতৰ ওপৰত ৰচনা কৰা প্রথম অসমীয়া পুথি কোনখন ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচনা কৰা ‘সংগীত কোষ’ নামৰ পুথিখন।
30.‘শোণিত কুঁৱৰী’ নাটকখনৰ ৰচক কোন ?
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।
31. হিন্দী ভাষালৈ অনুদিত হোৱা প্রথম অসমীয়া গ্রন্থ কোনখন ?
উত্তৰঃ চিত্ৰ ভাগৱত।
32. ‘উত্তৰাকাণ্ড ৰামায়ণৰ’ অসমীয়া অনুবাদ কোনে কৰিছিল ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।
33. অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰা সাহিত্যিকজন কোন ?
উত্তৰঃ ৰঞ্জু হাজৰিকা।
34. ‘চি-ইউ-কি’ নামৰ পুথিখনৰ ৰচক কোন ?
উত্তৰঃ হিউয়েনচাং।
35. অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্রথম অসমীয়া নাটক কোনখন ?
উত্তৰঃ বীণ বৰাগী।
36. সংস্কৃত ‘ৰামায়ণ’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?
উত্তৰঃ মাধৱ কন্দলিয়ে।
37. Grammatical Notes of the Assamese Language নামৰ পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ নাথান ব্রাউন ।
38. অসমীয়া ভাষাত ৰচিত প্রথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন ?
উত্তৰঃ ‘অসম বুৰঞ্জী’ আৰু ইয়াৰ ৰচক দুজন হ’ল – ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকন।
39. সংস্কৃত ‘মহাভাৰত’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?
উত্তৰঃ ৰাম সৰস্বতী।
40. ‘চৰিত পুথি’ কি ?
উত্তৰঃ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বা বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্যক ‘চৰিত পুথি’ বুলি কোৱা হয়।
41. ‘সূৰ্য সিদ্ধান্ত’ পুথিখনৰ ৰচক কোন ?
উত্তৰঃ কবিৰাজ চক্ৰৱৰ্তী।
42. ‘সন্ধিয়াৰ সুৰ’ নামৰ কাব্য পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ নলিনীৱালা দেৱী।
43. অসমীয়া ভাষাত ছপা হোৱা প্রথম পুথিখনৰ নাম কি ?
উত্তৰঃ ধৰ্ম পুস্তক।
44.‘পাটকাইৰ সিপাৰে মোৰ দেশ’ পুথিখনৰ ৰচক কোন ?
উত্তৰঃ চন্দনা গোস্বামী।
45.‘ধন্য নৰ তনু ভাল’ নামৰ পুথিখনৰ ৰচক কোন ?
উত্তৰঃ চৈয়দ আব্দুল মালিক।
46. অসমৰ প্রথম বাতৰি কাকত কোনখন ?
উত্তৰঃ অৰুনোদই।
47. অসমৰ প্রথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনত প্রথম প্রকাশিত হৈছিল ?
উত্তৰঃ ১৮৪৬ চনত।
48. ‘জোনাকী’ কাকত কেতিয়াৰ পৰা প্রকাশ আৰম্ভ হৈছিল ?
উত্তৰঃ ১৮৮৯ চন, কলিকতাৰ পৰা।
49. ইংৰাজী ভাষাৰ পৰা প্রথম অসমীয়ালৈ অনুদিত হোৱা উপন্যাস কোনখন ?
উত্তৰঃ জন বনিয়নৰ ‘Pilgrim’s Progress’ নামৰ উপন্যাসখন ‘যাত্ৰিকৰ যাত্ৰা’ নামেৰে অসমীয়া ভাষাত অনুদিত হোৱা প্ৰথম উপন্যাস।
50. অসমীয়া ভাষাত কোনে প্রথম সাধু কথাৰ পুথি ৰচনা কৰে ?
উত্তৰঃ এলিজা ব্রাউন, ১৮৫০ চনত।
51. জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।
52. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰ প্রথম অধিৱেশন কেতিয়া কত হৈছিল ?
উত্তৰঃ ১৮৮৮ চনত, কলিকতাত।
53. কোনে কেতিয়া বিষ্ণু প্রসাদ ৰাভাক ‘কলাগুৰু’ উপাধি দিয়ে ?
উত্তৰঃ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সবৰ্বপল্লী ৰাধাকৃষ্ণনে, ১৯৪০ চনত।
54.‘কীৰ্তন ঘোষা’ গ্রন্থখনৰ ৰচক কোন ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
55. ‘নামঘোষা’ গ্রন্থ খনৰ ৰচক কোন ?
উত্তৰঃ শ্ৰী মাধৱদেৱ।
56. অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকত কোনখন ?
উত্তৰঃ জনমভূমি।
57. কম্পিউটাৰত কোনে প্রথমে অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল ?
উত্তৰঃ দিলীপ কুমাৰ দত্তই।
58. শংকৰদেৱে মুঠ কেইখন অংকীয়া নাটক ৰচনা কৰিছল ?
উত্তৰঃ ৬ খন।
59. প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি ?
উত্তৰঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ ‘ভানুমতী’।
60. মাধৱদেৱৰ শ্রেষ্ঠ ৰচনাখনৰ নাম কি ?
উত্তৰঃ নামঘোষা।
61. কোনখন গ্রন্থক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয় ?
উত্তৰঃ ‘নামঘোষা’ক।
62. মাধৱদেৱৰ নাটকসমূহক কি নামেৰে জনা যায় ?
উত্তৰঃ ‘ঝুমুৰা’ বুলি জনা যায়।
63. ‘কাণখোৱা’ গ্রন্থখন কোনে ৰচনা কৰে ?
উত্তৰঃ শ্ৰীধৰ কন্দলিয়ে।
64. কবি মনকৰে কি গ্রন্থ ৰচনা কৰিছিল ?
উত্তৰঃ পদ্ম পুৰাণৰ অংশ।
65. আহোম যুগৰ শ্রেষ্ঠ কবি কোন ?
উত্তৰঃ কবিৰাজ চক্ৰৱৰ্তী।
66. ‘জ্ঞানপীঠ’ বঁটাৰে সন্মানিত প্রথম অসমীয়া সাহিত্যিকজনৰ নাম কি ?
উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
67. প্রথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি ?
উত্তৰঃ ৰুক্মিণী হৰণ।
68. কোনখন আলোচনী ওলোৱা সময়ৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হোৱা বুলি কোৱা হয় ?
উত্তৰঃ জোনাকী কাকত।
69. প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ?
উত্তৰঃ দৈনিক বাতৰি।
70. অসমৰ পৰা প্রকাশিত প্রথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি ?
উত্তৰঃ দ্য আসাম ট্ৰিবিউন।
71. মহিলাসকলৰ বাবে প্রকাশিত প্রথম অসমীয়া আলোচনীখনৰ নাম কি ?
উত্তৰঃ ঘৰ জেউতি।
72. অসমত বাংলা ভাষা কেতিয়াৰ পৰা কেতিয়ালৈ প্রচলিত আছিল ?
উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ।
73. কোনখিনি আধুনিক সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয় ?
উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অৰ্থাৎ অসমত বাংলা ভাষা চলি থকা সময়ছোৱাত।
74. আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকল কেতিয়া অসমলৈ আহে ?
উত্তৰঃ ১৮৩৬ চনত।
75. গুৱাহাটীলৈ অহা প্রথম খ্রীষ্টান মিছনেৰীজনৰ নাম কি ?
উত্তৰঃ জেমছ ৰে (James Ray) ।
76. অৰুনোদয় যুগৰ এজন বিখ্যাত লিখকৰ নাম কোৱা ?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন।
77. চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ দ্বাৰা আধুনিক কবিতাৰ শুভাৰম্ভ হোৱা বুলি কোৱা হয় ?
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাৰে।
78. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ কদমকলি।
79. অসমীয়া ভাষাত ৰচিত প্রথম চনেট পুথি কোনখন ?
উত্তৰঃ হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’।
80. জ্যোতি প্রসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।
81. বিষ্ণু প্রসাদ ৰাভাৰ কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ সোণপাহি।
82. দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ ‘সাগৰ দেখিছা’।
83. অসমীয়া ভাষাৰ প্রথম চুটিগল্প কোনটো ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা’।
84. কাক ‘অসমীয়া বেকন’ বুলি কোৱা হয় ?
উত্তৰঃ সত্যনাথ বৰাক।
85. প্রথম অসমীয়া সাহিত্য সভাৰ সভাপতিজনৰ নাম কি ?
উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱা।
86. চৈয়দ আব্দুল মালিক কেতিয়া কোনখন অসম সাহিত্য সভাৰ অধিেবশনত সভাপতিত্ব কৰিছিল ?
উত্তৰঃ ১৯৭৭ চনত, অভয়াপুৰী।
87. ‘অ’ মোৰ আপোনাৰ দেশ’ নামৰ গীতটোৰ ৰচক কোন ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।
88. দণ্ডিনাথ কলিতাৰ ঐতিহাসিক কাব্যখনৰ নাম কি ?
উত্তৰঃ অসম সন্ধ্যা।
89. ‘জ্ঞান-মালিনীৰ কবি’ কোন ?
উত্তৰঃ মফিজুদ্দিন হাজৰিকা।
90. ৰঘুনাথ চৌধাৰীৰ কথা-কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ নৱমল্লিকা।