- Get link
- X
- Other Apps
- Get link
- X
- Other Apps
অসমৰ চাহ উদ্যোগ সম্পৰ্কীয় তথ্য
1. অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয় ?
উত্তৰঃ ১৮২৩ চনত।
2. চাহৰ বৈজ্ঞানিক নাম কি ?
উত্তৰঃ কেমেলিয়া চিনেনচিছ।
3. চাৰ আলেকজেণ্ডাৰ ব্রুচ চাহাবে কোন জনজাতিৰ লোকসকলৰ পৰা অসমত চাহৰ অৱস্থিতি জানিব পাৰিছিল ?
উত্তৰঃ চিংফৌসকলৰ পৰা।
4. অসমীয়া চাহৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ চাৰ আলেকজেণ্ডাৰ ব্রুচ ।
5. ‘ফিনাপ’ কি ?
উত্তৰঃ চিংফৌসকলে চাহ পাতৰ পৰা তৈয়াৰ কৰা এবিধ পানীয়ক ‘ফিনাপ’ বুলি কোৱা হয় ?
6. অসমত বছৰি কিমান পৰিমাণৰ চাহ উৎপাদিত হয় ?
উত্তৰঃ ৪০০ মিলিয়ন কিলোগ্ৰাম।
7. ‘গুৱাহাটী চাহ নিলাম কেন্দ্ৰ’টো কিমান চনত স্থাপন কৰা হয় ?
উত্তৰঃ ১৯৭০ চনত।
8. ‘গুৱাহাটী চাহ নিলাম কেন্দ্ৰ’টোৰ প্রতিষ্ঠাপক কোন ?
উত্তৰঃ ধৰ্মানন্দ দাস।
9. ভাৰতত উৎপাদন হোৱা মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদন হয় ?
উত্তৰঃ ৫৫ শতাংশ।
10. প্রথম চাহ খেতি আৰম্ভ কৰা অসমীয়াজন কোন ?
উত্তৰঃ জগন্নাথ বৰুৱা।
11. ‘অসম চাহ উৎসৱ’ কেতিয়া পালন কৰা হয় ?
উত্তৰঃ প্ৰতি বছৰ ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ ‘অসম চাহ উৎসৱ’ পালন কৰা হয়।
12. বৰ্তমানলৈ অসমত সৰ্বমুঠ কিমানখন চাহ বাগিছা আছে ?
উত্তৰঃ ১০১২ টা।
13. ‘গুডৰিক চাহ উদ্যোগ’টো ক’ত প্রতিষ্ঠিত হৈছিল ?
উত্তৰঃ দৰং জিলাত।
14. ‘টোকলাই চাহ গৱেষণাগাৰ’ কোন চনৰ পৰা কাৰ্যকৰী কৰা হয় ?
উত্তৰঃ ১৯১২ চনৰ পৰা।
15. অসমৰ প্রথম চাহ উদ্যোগ কোনটো ?
উত্তৰঃ দি আসাম কোম্পানী।
16. ভাৰতৰ বৃহত্বম চাহ উদ্যোগ প্রতিষ্ঠান কোনটো ?
উত্তৰঃ কাকজান চাহ উদ্যোগ।
17. অসমৰ কোন জনজাতিৰ লোকসকলে অসমত প্রথমতে চাহ খেতিৰ প্রচলন কৰিছিল ?
উত্তৰঃ চিংফৌসকলে (দৰৱ হিচাপে ব্যৱহাৰ কৰিবলৈ)।
18. কোনজন অসমীয়াই বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰিছিল ?
উত্তৰঃ মণিৰাম দেৱানে।
19. পৃথিৱীৰ সবাতোকৈ বেছি চাহ উৎপাদন কৰা অঞ্চলটোৰ নাম কি ?
উত্তৰঃ উজনি অসম।
20. উত্তৰ-পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো ক’ত অবস্থিত ?
উত্তৰঃ যোৰহাটৰ টোকলাইত।
21. ব্রিটিছসকলে অসমত স্থাপন কৰা প্রথম চাহ উদ্যোগটোৰ নাম কি ?
উত্তৰঃ চাবুৱা চাহ প্ৰপ্রতিষ্ঠান ।
22. অসমত চাহ খেতিৰ দুটা মুখ্য পদ্ধতি কি কি ?
উত্তৰঃ চি. টি. চি ( C.T.C.) আৰু অৰথ’ডক্স (Orthodox)।
23. চি.টি.চি. সম্পূৰ্ণ নামটো কি ?
উত্তৰঃ Cutting, Tearing and Curling.
24. ‘ইনস্টান্ট টি’ (Instant Tea) কি ?
উত্তৰঃ গৰম বা ঠাণ্ডা পানীত অতি সহজে পমি যোৱা সোণ বৰণীয়া চাহৰ মিহি গুৰিক ‘ইনষ্টান্ট টি’ বুলি কোৱা হয়।
25. দি তেজপুৰ টি কোম্পানী কোন জিলাত ?
উত্তৰঃ দৰং জিলাত।
26. পৃথিৱীত মুঠ উৎপাদিত চাহৰ কিমান শতাংশ অসমত উৎপাদন হয় ?
উত্তৰঃ ১। ৬ ভাগ।
27. পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এচিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি ?
উত্তৰঃ টোকলাই চাহ গৱেষণা কেন্দ্ৰ (অসমৰ যোৰহাটত)।
28. ভাৰতৰ সৰ্ববৃহৎ চাহ বাগিছাখনৰ নাম কি আৰু ইয়াৰ মাটিকালি কিমান ?
উত্তৰঃ কাকজান চাহ প্রতিষ্ঠান, ইয়াৰ মাটিকালিৰ পৰিমাণ ১৩৭৩ হেক্টৰ ।
29. ‘কাকজান চাহ প্রতিষ্ঠান’ অসমৰ কোন জিলাত ?
উত্তৰঃ শোণিতপুৰ জিলাত।
30. আসাম ব্রুকচ কোম্পানী অসমৰ কোন জিলাত ?
উত্তৰঃ দৰং জিলাত।
31. ৱাৰেণ টি কোম্পানী কোন জিলাত ?
উত্তৰঃ ডিব্ৰুগড় জিলাত।
32. পৃথিৱীৰ সর্ববৃহৎ চাহ নিলাম কেন্দ্ৰ কোনটো ?
উত্তৰঃ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (স্থাপন কৰা হয় ১৯৭০ চনত)।
33. অসম চাহ নিগম কেতিয়া গঠন কৰা হয় ?
উত্তৰঃ ১৯৭৩ চনত।
34. বিশ্বনাথ টি কোম্পানী কোন জিলাত অৱস্থিত ?
উত্তৰঃ দৰং জিলাত।