Religions and festivals of Assam | অসমৰ ধৰ্ম আৰু উৎসৱ

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 1 ]
1. ধৰ্ম বুলিলে কি বুজা ?

উত্তৰঃ ধৰ্ম হৈছে দৈৱ অনুপ্ৰাণিত ব্যক্তি বিশেষৰ দ্বাৰা প্ৰনয়ণ কৰা এক জীৱন পদ্ধতি।

2. ‘পঞ্চতীৰ্থ’ কি ?

উত্তৰঃ গুৱাহাটী মহানগৰত থকা পাঁচোটা মন্দিৰ যথা- কামাখ্যা, উমানন্দ, নৱগ্ৰহ, উগ্ৰতৰা আৰু অশ্বক্লান্ত মন্দিৰক একেলগে ‘পঞ্চতীর্থ’ বুলি কোৱা হয়।

3. গুৱাহাটীৰ কোন মন্দিৰ জনাৰ্দন দেৱালয়ৰ ওচৰত অৱস্থিত ?

উত্তৰঃ শুক্ৰেশ্বৰ মন্দিৰ।

4. গোপেশ্বৰ দেৱালয় ক’ত অৱস্থিত ?

উত্তৰঃ তেজপুৰত।

5. বিল্বেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত ?

উত্তৰঃ নলবাৰীৰ বেলশৰ নামে ঠাইত।

6. ‘গোপেশ্বৰ মন্দিৰ’ক আন কি নামেৰে জনা যায় ?

উত্তৰঃ গুপ্তেশ্বৰ মন্দিৰ।

7. অসমত কোন ধৰ্মৰ লোক বেছি ?

উত্তৰঃ হিন্দু ধৰ্ম।

8. মাধৱদেৱ কোন ?

উত্তৰঃ শংকৰদেৱৰ প্ৰধান শিষ্য আৰু ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক।

9. বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠানসমূহ কি কি ?

উত্তৰঃ সত্ৰ আৰু নামঘৰ।

10. মহাপুৰুষ শংকৰদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল ?

উত্তৰঃ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত।

11. মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ ১৪৪৯ চনত।

12. ভাগৱতী বৈষ্ণৱ ধৰ্মৰ এজন অন্যতম প্রচাৰক শ্ৰী শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্রতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ১২ টা।

13. অসমৰ প্রধান ধৰ্ম সংস্কাৰকজনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

14. শংকৰদেৱে প্রচাৰ কৰা ধৰ্মটোৰ নাম কি ?

উত্তৰঃ এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম।

15. শংকৰদেৱে প্রচাৰ কৰা ধৰ্মৰ প্রধান মূলমন্ত্ৰ কি ?

উত্তৰঃ ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ।’

16. হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ধৰ্মৰ লোকসকলৰ পৱিত্ৰ তীর্থস্থান বুলি গণ্য কৰা হয় ?

উত্তৰঃ হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ।

17. অসমৰ কোনখন স্থানক হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ একমাত্ৰ মিলনভূমি বুলি কোৱা হয় ?

উত্তৰঃ হাজো।

18. শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয় ?

উত্তৰঃ বৰগীত।

19. আজান পীৰৰ দৰগাহ ক’ত অৱস্থিত ?

উত্তৰঃ শিৱসাগৰৰ শৰাগুৰিত।

20. শংকৰদেৱে ক’ত মহাপ্রয়াণ লাভ কৰিছিল ?

উত্তৰঃ কোচবিহাৰত।

Suggested Read: Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 2 ]
1. বিহুৰ আগদিনাক কি বুলি কোৱা হয় ?

উত্তৰঃ উৰুকা।

2. কোন বিহুৱে নৱবৰ্ষৰ সূচনা কৰে ?

উত্তৰঃ বহাগ বিহুৱে।

3. গাগনি কি ?

উত্তৰঃ অসমীয়া সমাজত নৱজাতক এটিৰ জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসৱ।

4. বহাগ বিহুৰ দ্বিতীয় দিনটোক কি বিহু বুলি কোৱা হয় ?

উত্তৰঃ মানুহ বিহু।

5. দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয় ?

উত্তৰঃ হোলি উৎসৱ।

6. খেতিয়কসকলে কেতিয়া পথাৰত আকাশ বন্তি জ্বলায় ?

উত্তৰঃ কাতি বিহুত।

7. ৰাভাসকলে পালন কৰা বসন্তঃ উৎসৱটোক কি উৎসৱ বুলি কোৱা হয় ?

উত্তৰঃ বাইখো উৎসৱ।

8. টুচু পূজা কি ?

উত্তৰঃ ‘টুচু পূজা’ হৈছে অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা এক উল্লেখযোগ্য উৎসৱ।

9. কোন মাহত মাধৱদেৱৰ তিথি পালন কৰা হয় ?

উত্তৰঃ ভাদ মাহত।

10. শংকৰদেৱক কোন নদীৰ পাৰত সৎকাৰ কৰা হৈছিল ?

উত্তৰঃ তৰোচা নদীৰ পাৰত।

11. শস্যৰ খেতি চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি ?

উত্তৰঃ বিহু।

12. শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয় ?

উত্তৰঃ আহিন মাহত পূৰ্ণিমা তিথিত।

13. কোন বিহুক ৰঙালী বিহু বুলি কোৱা হয় ?

উত্তৰঃ বহাগ বিহুক।

14. কঙালী বিহু কাক কোৱা হয় ?

উত্তৰঃ কাতি বিহুক।

15. ভোগালী বিহু কাক কয় ?

উত্তৰঃ মাঘ বিহুক।

16. ‘আলি- আই- লৃগাং’ উৎসৱৰ মুখ্য আকৰ্ষণ কি ?

উত্তৰঃ গুমৰাগ নৃত্য।

17. ৰঙালী বিহুৰ প্রথম দিনাক কি বিহু বুলি কোৱা হয় ?

উত্তৰঃ গৰু বিহু।

18. কোন বিহুত গৰুক নতুন পঘাৰে বন্ধা হয় ?

উত্তৰঃ বহাগ বিহত।

19. বহাগ বিহুৰ শেষ দিনটোত কি বিহু বুলি কোৱা হয় ?

উত্তৰঃ চেৰা বিহু।

20. বড়ো-কছাৰীসকলে পালন কৰা ‘বৈশাগু’ উৎসৱৰ লগত জড়িত নৃত্য বিধৰ নাম কি ?

উত্তৰঃ বৈশাগু নৃত্য।

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 3 ]
1. বহাগী আৰু বিহু উৎসৱৰ গুৰুত্বপূৰ্ণ অংশটো কি ?

উত্তৰঃ দেওধানী নৃত্য।

2. মেজি কি ?

উত্তৰঃ মাঘ বিহুৰ আগদিনা প্রীতিভোজ খোৱাৰ বাবে ৰাতি মানুহে একেলগ হৈ খেৰ- নৰাৰে এক ঘৰ সাজে ইয়াকে ‘মেজি’ বোলে।

3. ‘আলি-আই-লৃগাং’ কোন জনগোষ্ঠীৰ উৎসৱ ?

উত্তৰঃ মিচিং জনগোষ্ঠীৰ ।

4. ‘ৰজনী গব্রা’ আৰু’ হাৰ্নি গব্রা’ কোন জনগোষ্ঠীৰ উৎসৱ ?

উত্তৰঃ ডিমাচা জনগোষ্ঠীৰ ।

5. ‘বৈশাগু’ কোন জনগোষ্ঠীৰ উৎসৱ ?

উত্তৰঃ বড়ো আৰু কছাৰীসকলৰ।

6. ‘ৰংকাৰ’ কোন জনগোষ্ঠীৰ উৎসৱ ?

উত্তৰঃ কার্বি জনগোষ্ঠীৰ ।

7. ‘বাইখো’ কোন জনগোষ্ঠীৰ উৎসৱ ?

উত্তৰঃ দেউৰীসকলৰ।

8. চকলং অনুষ্ঠানত কেইটা বন্তি জ্বলোৱা হয় ?

উত্তৰঃ ১০১ টা।

9. কামাখ্যা দেৱীৰ মন্দিৰত তান্ত্ৰিক শক্তিৰ ধৰ্মীয় অনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি ?

উত্তৰঃ অম্বুবাচী মেলা।

10. কোনজন অসমীয়া চলচিত্ৰ নিৰ্মাতাই পোন প্রথমবাৰ বিহু পতাকা অংকন কৰিছিল ?

উত্তৰঃ নিপ বৰুৱাই।

11. অসমৰ জাতীয় উৎসৱ কি ?

উত্তৰঃ বিহু।

12. শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত বৈকুণ্ঠ প্রয়াণ কৰে ?

উত্তৰঃ ১১৯ বছৰ বয়সত।

13. অসমীয়া সমাজত কোন জীৱক উৰ্বৰতাৰ প্রতীক হিচাপে বিশ্বাস কৰে ?

উত্তৰঃ মাছক।

14. অসমীয়া মানুহে কোন জন্তু বাটত দেখিলে যাত্ৰা মংগলময় হয় বুলি বিশ্বাস কৰে ?

উত্তৰঃ হাতী।

15. অসমত সামাজিক আৰু ধৰ্মীয় আন্দোলনৰ গুৰি ধৰোঁতা মুছলমান সাধু পুৰুষজনৰ নাম কি ?

উত্তৰঃ আজান পীৰ (আজান পীৰক ‘শ্বাহ আউলীয়া’ বুলিও কোৱা হয়।)

16. বশিষ্ঠাশ্রম পুখুৰীত গা-ধোৱাৰ তাৎপৰ্য কি ?

উত্তৰঃ এই পুখুৰীত গা ধূলে দীৰ্ঘ জীৱন লাভ হয় বুলি বহুতে বিশ্বাস কৰে।

17. তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্রতীক কি ?

উত্তৰঃ গামোচা।

18. অসমীয়া পুৰুষসকলে পৰিধান কৰা মুখ্য পোছাক কি ?

উত্তৰঃ ধুতি-চুৰিয়া।

19. অসমীয়া মহিলাৰ প্রধান সাজ-পোছাক কি ?

উত্তৰঃ মেখেলা-চাদৰ।

20. অসমীয়া সমাজত বিয়াৰ আগদিনা ৰাতি পালন কৰা অনুষ্ঠানটোৰ নাম কি ?

উত্তৰঃ অধিবাস।

Suggested Read: Communication of Assam GK – অসমৰ যোগাযোগ ব্যৱস্থা

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 4 ]
1. আহোমসকলৰ বিবাহ উৎসৱক কি বুলি কোৱা হয় ?

উত্তৰঃ চকলং।

2. অসমীয়া সমাজত বিয়াৰ ‘জোৰোণ’ অনুষ্ঠানত কইনালৈ দৰা ঘৰৰ পৰা গহণা আৰু কাপোৰৰ সৈতে কি পঠোৱা হয় ?

উত্তৰঃ মাছ।

3. নৃত্য পৰিবেশনৰ সময়ত অসমীয়া তিৰোতাই হাতত কি পিন্ধে ?

উত্তৰঃ গাম খাৰু।

4. অসমৰ সত্ৰীয়া নৃত্যই কোন বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে ?

উত্তৰঃ ২০০০ চনত।

5. অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ কোনটো ?

উত্তৰঃ শিৱসাগৰৰ শিৱদৌল।

6. পোৱা মক্কা ক’ত ?

উত্তৰঃ হাজোত।

7. হাজেত থকা পোৱা মক্কাৰ মছজিদটো কোনে প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ গিয়াচ উদ্দিন আউলীয়া নামৰ এজন মুছলমান সাধুয়ে।

8. ‘নৱগ্ৰহ মন্দিৰ’ ক’ত অৱস্থিত ?

উত্তৰঃ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত।

9. কামাখ্যা মন্দিৰৰ আন নাম কি ?

উত্তৰঃ যোনী পীঠ।

10. মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল ?

উত্তৰঃ বনাসুৰ নামে এজন ৰজাই।

11. নটা গ্ৰহৰ মন্দিৰ কোনটো ?

উত্তৰঃ নৱগ্ৰহ মন্দিৰ।

12. ভাৰতৰ সৰ্ববৃহৎ শিৱলিঙ্গটো কোন মন্দিৰত অৱস্থিত ?

উত্তৰঃ অসমৰ মহাভৈৰৱ মন্দিৰত।

13. অসমৰ খাজুৰাহো কি ?

উত্তৰঃ অসমৰ কামাখ্যা মন্দিৰক ‘খাজুৰাহো’ বুলি কোৱা হয়।

14. অসমৰ সৰ্ববৃহৎ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কোনটো ?

উত্তৰঃ কামাখ্যা মন্দিৰ।

15. উমানন্দ এটা শিৱ মন্দিৰনে ?

উত্তৰঃ হয়।

16. শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱীদ’ল অসমৰ ক’ত অৱস্থিত ?

উত্তৰঃ শিৱসাগৰত।

17. অসমীয়া সমাজত ল’ৰা সন্তান জন্ম হ’লে সন্তানৰ পিতৃ-মাতৃয়ে কোনবিধ খাদ্য বস্তু আশীৰ্বাদৰ কামনা হিচাপে বিতৰণ কৰে ?

উত্তৰঃ মাছ।

18. বিহুৰ গামোছাত তোলাৰঙা ফুল কিহৰ প্রতীক ?

উত্তৰঃ উবৰ্বৰতাৰ প্ৰতীক।

19. অসমীয়া সমাজত দৰা ঘৰে বিয়াৰ আগদিনা কইনা ঘৰলৈ গহনা, মাছ, কাপোৰ ইত্যাদি পঠিওৱাৰ নিয়মটোক কি বুলি কোৱা হয় ?

উত্তৰঃ জোৰোণ।

20. অসমীয়া সমাজত পৰিয়ালৰ শ্ৰেণী বিভাজনক কি বুলি কোৱা হয় ?

উত্তৰঃ গোত্ৰ।

Suggested Read: Assam Sports GK – অসমৰ ক্ৰীড়া সাধাৰণ জ্ঞান

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 5 ]
1. অসমীয়া সমাজত মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানৰ পাছত মাছ মাংসৰে ভোজ-ভাত খুওৱা হয়। এই অনূষ্ঠানটোক কি বুলি কোৱা হয় ?

উত্তৰঃ মৎস স্পৰ্শ।

2. ‘আঠ মঙলা’ কি ?

উত্তৰঃ ‘আঠ মঙলা’ হ’ল বিয়াৰ আঠ দিন পিছত কইনাক দৰাৰ ঘৰলৈ নিয়া অনুষ্ঠান ।

3. ‘চিতি-পাতি’ কি ?

উত্তৰঃ ‘চিতি-পাতি’ হৈছে অসমীয়া মহিলাসকলে কপালত পিন্ধা এবিধ অলংকাৰ।

4. অসমীয়া সমাজত অনুষ্ঠিত মৃতকৰ ক্ৰিয়া-কৰ্মসূচক অনুষ্ঠানটোক কি বুলি কোৱা হয় ?

উত্তৰঃ শ্ৰাদ্ধ।

5. অসমীয়া সমাজত শিশুৰ জন্ম হোৱাৰ এঘাৰ দিনৰ দিনা প্রথম বাহিৰলৈ উলিয়াই অনা উৎসৱটোক কি বুলি কোৱা হয় ?

উত্তৰঃ শুদ্ধি।

6. উমানন্দ মন্দিৰটো ক’ত অৱস্থিত ?

উত্তৰঃ ভষ্মাচল পাহাৰত।

7. উমানন্দ মন্দিৰটো কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৬৯৪ চনত।

8. নামঘৰৰ মুখ্য ভেটি কি ?

উত্তৰঃ লাই-খুঁটা।

9. কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৬৬৫ চনত।

10. কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল ?

উত্তৰঃ কোচ ৰজা মহাৰাজ নৰনাৰায়ণে।

11. সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত ?

উত্তৰঃ গোৱালপাৰাত।

12. অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত ?·

উত্তৰঃ উত্তৰ গুৱাহাটীত।

13. কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত ?

উত্তৰঃ গুৱাহাটীৰ নীলাচল পাহাৰত।

14. কামাখ্যা মন্দিৰৰ সন্মুখ ভাগত থকা পুখুৰীটোৰ নাম কি ?

উত্তৰঃ সৌভাগ্য কুণ্ড।

15. অসমৰ ক’ত ‘পঞ্চপীৰৰ দৰগাহ’ অৱস্থিত ?

উত্তৰঃ ধুবুৰীত।

16. গুৱাহাটীত নিৰ্মিত ভগৱান ভেঙ্কটেশ্বৰ মন্দিৰটোৰ নাম কি ?

উত্তৰঃ তিৰুপতি বালাজী মন্দিৰ।

17. নামঘৰৰ তিনিটা অংশ কি কি ?

উত্তৰঃ পদূলি, হলঘৰ আৰু মণিকূট।

18. উৰ্বশী কুণ্ডত কোন মন্দিৰ অৱস্থিত ?

উত্তৰঃ উমানন্দ মন্দিৰ।

19. তাম্ৰেশ্বৰ মন্দিৰটো ক’ত অৱস্থিত ?

উত্তৰঃ শদিয়াত।

20. শুক্ৰেশ্বৰ মন্দিৰটো কিমান চনত নিৰ্মাণ কৰা হয় ?

উত্তৰঃ ১৭৪৪ চনত (প্রমত্ত সিংহই নিৰ্মাণ কৰে)।

Suggested Read: Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী

অসমৰ ধৰ্ম আৰু উৎসৱ [ Part – 6 ]
1. উমানন্দ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয় ?

উত্তৰঃ গদাধৰ সিংহৰ দিনত।

2. নৱগ্ৰহ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয় ?

উত্তৰঃ স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ দিনত।

3. মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত ?

উত্তৰঃ তেজপুৰত।

4. টুক্ৰেশ্বৰী দেৱালয় ক’ত অৱস্থিত ?

উত্তৰঃ গোৱালপাৰাত।

5. গুৱাহাটীৰ কৃষ্ণ মন্দিৰ ক’ত অৱস্থিত ?

উত্তৰঃ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত।

6. গোৱালপাৰা চহৰখনক দ্বিতীয় কাশী বনাবলৈ সূৰ্য পাহাৰৰ নামনিত কিমানটা শিৱলিঙ্গ স্থাপন কৰা হৈছে ?

উত্তৰঃ ৯৯,৯৯৯ টা।

7. শিৱদ’ল কিমান মিটাৰ ওখ ?

উত্তৰঃ ৩৭ মিটাৰ।

8. ময়ূৰ দ্বীপত অৱস্থিত মন্দিৰটোৰ নাম কি ?

উত্তৰঃ উমানন্দ মন্দিৰ।

9. গুৱাহাটীৰ শৰণীয়া আশ্ৰম কোনে উদ্বোধন কৰে ?

উত্তৰঃ ১৯৪৬ চনত মহাত্মা গান্ধীয়ে।

Get Govt Jobs Update: North East Govt. Jobs