Geography of Assam GK In Assamese – অসমৰ ভৌগোলিক তথ্য

Geography of Assam GK – [Part 1]
১ । অসমৰ অৱস্থিতি – 

উত্তৰঃ- অসম ভাৰতৰ উত্তৰ – পূব (ঈশান ) কোণত অৱস্থিত । ভৌগোলিক অৱস্থান প্ৰায় ২৪° ৰ পৰা ২৮° উত্তৰ অক্ষাংশ আৰু প্ৰায় ৯০° ৰ পৰা ৯৭° পূব দ্ৰাঘিমাংশ ।

২ । অসমৰ মাটি কালি – 

উত্তৰঃ- প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ।

৩ । অসমৰ প্ৰাকৃতিক বিভাগ কেইটা –

উত্তৰঃ- ১ । ব্ৰহ্মপুত্ৰ উপত্যকা , ২ । বৰাক উপত্যকা আৰু ৩ । কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল ।

৪ । অসমৰ চাৰিসীমা –

উত্তৰঃ – উত্তৰে : ভূটান আৰু অৰুণাচল ৰাজ্য ।

দক্ষিণে : মেঘালয় , মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য ।

পূবে : অৰুণাচল প্ৰদেশ , নাগালেণ্ড আৰু মণিপুৰ ।

পশ্চিমে : পশ্চিম বংগ আৰু বাংলাদেশ ।

৫ । অসমৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কি : মি : ত –

উত্তৰঃ- ৩৪০ জন ।

৬ । অসমৰ পুৰুষ – মহিলাৰ অনুপাত প্ৰতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা –

উত্তৰঃ – ৯৩২ জনী ।

৭ । অসমৰ শিক্ষিতৰ হাৰ –

উত্তৰঃ – ৬৮.২৮ শতাংশ ।

৮ । ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিৰ কালি-

উত্তৰঃ- প্ৰায় ৫৬,০০০ বৰ্গ কিলোমিটাৰ ।

৯ । বৰাক উপত্যকাৰ মুঠ মাটিৰ কালি –

উত্তৰঃ- প্ৰায় ৬,৯৬২ বৰ্গ কিলোমিটাৰ ।

১০ । কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰ মুঠ মাটিৰ কালি –

উত্তৰঃ- প্ৰায় ১৫,৩২২ বৰ্গ কিলোমিটাৰ ।

১১ । মাজুলী বৰ্তমান মুঠ মাটিৰ কালি –

উত্তৰঃ- প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ ।

১২ । অসমৰ দক্ষিণ সীমাৰে পাৰহৈ যোৱা অক্ষৰেখাডালৰ নাম –

উত্তৰঃ- কৰ্কটক্ৰান্তি ৰেখা ।

১৩ । অসমৰ প্ৰধান নদী দুখনৰ নাম –

 উত্তৰঃ – ব্ৰহ্মপুত্ৰ আৰু বৰাক ।

১৪ । ব্ৰহ্মপুত্ৰৰ উপনদী কেইখন –

উত্তৰঃ -বৰনদী , পুঠিমাৰী , পাগলাদিয়া , সোৱনশিৰী , জিয়াভৰালী , জাঁজী , কপিলী , কুলসী , চম্পাৱতী , ধনশিৰী , জিয়াঢল , ৰঙানৈ , ডিক্ৰং , ডিব্ৰু , ডিগাৰু , ন – দিহিং , দিচাং , বৰগাং , বুঢ়ীদিহিং , দিখৌ , দুধনৈ , ভোগদৈ , বুৰৈ , শিঙৰা , সৰলভাঙা , মানাহ , কৃষ্ণাই , জিঞ্জিৰাম আদি ।

১৫ । ব্ৰহ্মপুত্ৰৰ দলং কেইখন –

উত্তৰঃ – ১। শৰাইঘাট , ২। কলিয়াভোমোৰা , ৩। নৰনাৰায়ণ সেতু আৰু ৪ । বগীবিল দলং ।

১৬ । ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ দুটা –

উত্তৰঃ – (১) মাজুলী ( বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ ) আৰু (২) উমানন্দ ( বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ ) ।

১৭ । অসমৰ জলবায়ু চাৰি ভাগত বিভক্ত-

উত্তৰঃ – ১ । শীত – নৱেম্বৰ , ডিচেম্বৰ আৰু জানুৱাৰী ।

২ । প্ৰাক্ – মৌচুমী – ফেব্ৰুৱাৰী , মাৰ্চ আৰু এপ্ৰিল ।

৩ । মৌচুমী – মে , জুন আৰু জুলাই ।

৪ । উত্তৰ – মৌচুমী – আগষ্ট , ছেপ্টেম্বৰ আৰু অক্টোবৰ ।

১৮ । ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচ্ছেদ পাহাৰখনৰ নাম –

উত্তৰঃ – বৰাইল পাহাৰ ( অসমৰ সৰ্বোচ্চ পাহাৰ ) ।

১৯ । বৰাক নদীৰ উপনদী কেইখন –

উত্তৰঃ – জিৰি , চিৰি , ৰাকনি , ধলেশ্বৰী , বগাপানী , লংগাই , টিংৰাই , সোণাই , যদুকটা , মাধুৰা , জাতিংগা ।

২০ । অসমৰ প্ৰধান পাহাৰবোৰ –

উত্তৰঃ – কাৰ্বি পাহাৰ , বৰাইল পাহাৰ , বুঢ়া পাহাৰ , নীলাচল , চিত্ৰাচল দীর্ঘেশ্বৰী , কুৰুৱা পাহাৰ , ভোমোৰাগুৰি , শ্ৰীসূৰ্য , চৰাইদেউ , পঞ্চৰত্ন , ৰাক্ষসিনী , পাগলাটেক , টুক্ৰেশ্বৰী , বোন্দা , গণেশ , হিলৈখুন্দা , মহামায়া , অগ্নিগড় , সিংহাসন , হাতীমুৰা , কুঁৱৰী চূণশিল , মণিকৰ্ণেশ্বৰ , অশ্বক্লান্ত , সন্ধ্যাচল ।

Geography of Assam GK – [Part 2]
অসমত মুঠ নগৰৰ সংখ্যা কেইখন ?
উত্তৰঃ ২১৪ খন।

2. অসমত মুঠ পুলিচ থানা কেইখন ?

উত্তৰঃ ১২৬ খন।

3. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান ?

উত্তৰঃ ৩,১১,৬৯,২৭২ জন।

4. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ পুৰুষৰ সংখ্যা কিমান ?

উত্তৰঃ ১,৫৯,৫৪,৯২৭ জন।

5. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত মুঠ মহিলাৰ সংখ্যা কিমান ?

উত্তৰঃ ১,৫২,১৪,৩৪৫ জন।

6. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব কিমান ?

উত্তৰঃ ৩৯৭ জন প্ৰতিবৰ্গ কিলো মিটাৰত।

7. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান ?

উত্তৰঃ ৯৫৪ জন।

8. ২০০১- ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান ?

উত্তৰঃ ১৬.৯৩ %।

9. অসমৰ মুঠ জিলা কেইখন ?

উত্তৰঃ ৩২ খন।

10. অসমৰ মুঠ মহকুমা কেইখন ?

উত্তৰঃ ৬৫ খন।

11. অসমত মুঠ কেইখন ৰাজহচক্ৰ আছে ?

উত্তৰঃ ১৮৪ খন।

12. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান ?

উত্তৰঃ ৭৩.১৮ %।

13. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমত শিক্ষিত মহিলাৰ হাৰ কিমান ?

উত্তৰঃ ৬৭.২৭ %।

14. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ চহৰত বাস কৰে ?

উত্তৰঃ ১৪ %।

15. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ গাওঁ অঞ্চলত বাস কৰে ?

উত্তৰঃ ৮৬ %।

16. অসমৰ প্ৰধান নৈ কি কি ?

উত্তৰঃ ব্রহ্মপুত্ৰ আৰু বৰাক।

17. অসমৰ বৃহত্বম নদী-দ্বীপটো কি ?

উত্তৰঃ মাজুলী।

18. অসমৰ অধিক সংখ্যক জিলাতেই মহকুমাৰ অধিকতম সংখ্যা কিমান ?

উত্তৰঃ ৩ টা।

19. অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সবৰ্বাধিক ?

উত্তৰঃ গোৱালপাৰা।

20. অসমৰ কোনখন জিলাত গৰম পানীৰ উহ আছে ?

উত্তৰঃ গোলাঘাট জিলাত।

Geography of Assam GK – [Part 3]
1. ‘অসম’ শব্দৰ অৰ্থ কি?

উত্তৰঃ অসমান।

2. কেতিয়াৰ পৰা এই ৰাজ্যখনৰ নাম ‘অসম’ বুলি নামাকৰণ হোৱা আৰম্ভ হয়?

উত্তৰঃ ত্ৰয়োদশ শতাব্দীৰ পৰা (আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰ পৰা)।

3. অসমৰ অতি প্রাচীন নাম কি আছিল?

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ।

4. মহাভাৰতত অসমৰ প্রাচীন নাম কি আছিল বুলি কোৱা হৈছে?

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ।

5. ‘প্রাগজ্যোতিষপুৰ’ নামৰ অৰ্থ কি?

উত্তৰঃ পূৱ দিশৰ জ্যোতিষ শাস্ত্ৰ চৰ্চাৰ নগৰ।

6. প্রাচীন অসমৰ কোনখিনি সময়ক ‘অন্ধকাৰ যুগ’ বুলি কোৱা হয়?

উত্তৰঃ চতুৰ্থ শতিকা।

7. অসমৰ প্রাচীন নাম কি আছিল?

উত্তৰঃ কামৰূপ।

8. ভৌগোলিক অবস্থান অনুসৰি অসম কিমান ডিগ্ৰী অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ বিস্তৃত ?

উত্তৰঃ ২৪ ডিগ্ৰি উত্তৰ অক্ষাংশৰ পৰা ২৮ ডিগ্ৰি উত্তৰ অক্ষাংশলৈ বিস্তৃত।

9. অসমৰ প্রাকৃতিক বিভাগ কেইটা আৰু কি কি?

উত্তৰঃ অসমৰ প্ৰাকৃতিক বিভাগ চাৰিটা, যেনেঃ ব্রহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কার্বি আংলং উপত্যকা আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল।

10. ভৌগোলিক অৱস্থান অনুসৰি অসম কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পৰা কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখালৈ বিস্তৃত ?

উত্তৰঃ ৯০ ডিগ্ৰি পূৱ দ্ৰাঘিমাৰ পৰা ৯৫ ডিগ্ৰী পূৱ দ্ৰাঘিমালৈ বিস্তৃত।

11. অসমৰ উত্তৰে কোনখন ভাৰতীয় প্রদেশ অৱস্থিত ?

উত্তৰঃ অৰুণাচল প্ৰদেশ।

12. অসমৰ দক্ষিণে থকা ভাৰতীয় প্রদেশ কেইখন কি কি?

উত্তৰঃ মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়।

13. ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?

উত্তৰঃ ২.৪ শতাংশ ।

14. মাটিকালিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান?

উত্তৰঃ দ্বাদশ।

15. বৰ্তমান অসমৰ ৰাজধানী কত ?

উত্তৰঃ গুৱাহাটীৰ দিছপুৰত।

16. অসমত মুঠ কেইখন উন্নয়ন খণ্ড আছে?

উত্তৰঃ ২১৯খন।

17. অসমৰ মুঠ গাওঁ পঞ্চায়ত কেইখন?

উত্তৰঃ ২২০২ খন।

18. অসমত মুঠ গাওঁ ৰ সংখ্যা কেইখন?

উত্তৰঃ ২৬,৩৯৫ খন।

19. অসমত মুঠ স্টেটেটৰি নগৰ কেইখন?

উত্তৰঃ ৮৮ খন।

20. অসমত মুঠ পিয়ল নগৰ কেইখন ?

উত্তৰঃ ১২৬ খন।

Geography of Assam GK – [Part 4]
1. অসমৰ বিলবোৰৰ –

উত্তৰঃ – বগীবিল , মেৰাবিল , দীঘলীয়া ( ডিব্ৰুগড় ) , কাৱৈমাৰী , পুখুৰী , চানডুবি , (কামৰূপ) , কাছমাৰীজান , বৰডুবি , হাফলং লেক , পদুম ( যোৰহাট ) , শনিবিল , ৰাতা বিল ( কৰিমগঞ্জ ) মাইলাতা , দিপলীঙা ( দৰং ) মৰিকলং (নগাঁও) , তামৰাঙা , উৰপদ ( গোৱালপাৰা ) ।

2. অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ খন –

উত্তৰঃ – (১) উত্তৰ কাছাৰ পাহাৰ জিলা ( নতুন নাম “ডিমা হাছাও” ) ।

(২) ওদালগুৰি ।

(৩) শোণিতপুৰ ।

(৪) দৰং ।

(৫) কৰিমগঞ্জ ।

(৬) কাছাৰ ।

(৭) কামৰূপ ( গ্ৰাম্য ) ।

(৮) কামৰূপ ( মহানগৰ ) ।

(৯) কাৰ্বি আংল ।

(১০) কোকৰাঝাৰ ।

(১১) গোলাঘাট ।

(১২) গোৱালপাৰা ।

(১৩) চিৰাং ।

(১৪) ডিব্ৰুগড় ।

(১৫) তিনিচুকীয়া ।

(১৬) ধুবুৰী ।

(১৭) ধেমাজী ।

(১৮) নগাঁও ।

(১৯) নলবাৰী ।

(২০) বঙাইগাঁও ।

(২১) বৰপেটা ।

(২২) বাগ্ ছা ।

(২৩) মৰিগাঁও ।

(২৪) যোৰহাট ।

(২৫) লখিমপুৰ ।

(২৬) শিৱসাগৰ ।

(২৭) হাইলাকান্দি ।

(২৮) দক্ষিণ শালমাৰা ।

(২৯) বিশ্বনাথ চাৰিআলি ।

(৩০) হোজাই ।

(৩১) চৰাইদেউ ।

(৩২) পশ্চিম কাৰ্বি আংলং । আৰু

(৩৩) মাজুলী ( ঘোষণা – ২০১৬ ৰ ৮ ছেপ্টেম্বৰ ) ।

3. বিশ্বৰ সর্ববৃহৎ নদী-দ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত ?

উত্তৰঃ যোৰহাট জিলাত।

4. বদৰপুৰ উত্তৰ-পূৱ ৰেলৱেৰ এটি বৃহৎ জনচন। ই অসমৰ কোনখন জিলাত অৱস্থিত ?

উত্তৰঃ কৰিমগঞ্জ জিলাত।

5. অসমৰ পৰা কিমান জন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় ?

উত্তৰঃ ৭ জন।

6. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জনজাতিৰ লোক ?

উত্তৰঃ ১২.৪১ %।

7. ২০১১ চনৰ লোক পিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অনুসূচিত জাতিৰ লোক ?

উত্তৰঃ ৬.৮৫ %।

8. অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন ?

উত্তৰঃ নগাওঁ।

9. অসমত শীতকালত গড় তাপমাত্ৰা কিমান ?

উত্তৰঃ ৫০০ ছেঃ ৰ পৰা ১২০ছেঃ।

10. অসমত গ্রীষ্ম কালত গড় তাপমাত্ৰা কিমান ?

উত্তৰঃ ৩০০ ছেঃ ৰ পৰা ৩৩০ ছেঃ।

11. অসমৰ সর্বোচ্চ শৃঙ্গ কোনটো ?

উত্তৰঃ নাম্চা বুৰৱা।

12. অসমত বছৰি কিমান ছেঃ মিঃ বৰষুণ হয় ?

উত্তৰঃ ১৭৮ ছেঃ মিঃ ৰ পৰা ৩০৫ছেঃ মিঃ।

13. বিশ্বৰ ভিতৰত সর্ববৃহৎ নদী-দ্বীপ মাজুলীৰ মাটিকালিৰ পৰিমাণ কিমান ?

উত্তৰঃ প্ৰায় ৮৮৬ বৰ্গ কিলোমিটাৰ।

14. অসমৰ হাবি-বননিয়ে কিমান বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে ?

উত্তৰঃ ২৭,৬৯২ বৰ্গ কিলো মিটাৰ।

15. অসম সাগৰীয় সীমাৰেখাৰ পৰা কিমান মিটাৰ ওপৰত অৱস্থিত ?

উত্তৰঃ প্ৰায় ৭৯.৫ মিটাৰ।

16. অসমক কি নদীৰ দেশ বুলি কোৱা হয় ?

উত্তৰঃ ৰঙা নদীৰ দেশ।

17. অসমক কি পাহাৰৰ দেশ বুলি কোৱা হয় ?

উত্তৰঃ নীলা পাহাৰৰ দেশ।

18. অসমৰ দীৰ্ঘতম নদী দলং কোনখন ?

উত্তৰঃ ব্রহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ‘কলিয়ােভামোৰা’ দলংখন।

19. অসমৰ আটাইতকৈ সেমেকা অঞ্চল কোনটো ?

উত্তৰঃ লিডু-লেখাপানী।

20. অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা ‘লেখাপুখুৰী’ অৱস্থিত ?

উত্তৰঃ চান্দডুবি।

Geography of Assam GK – [Part 5]
1. উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোনখন পাহাৰত অৱস্থিত ?

উত্তৰঃ বৰাইল পাহাৰত।

2. ব্রহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে ? 

উত্তৰঃ বৰাইল পাহাৰে।

3. অসমত জহকালি হোৱা প্রৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি ?

উত্তৰঃ বৰদৈচিলা।

4. অসমৰ প্রধান নদী ব্রহ্মপুত্ৰৰ মূল সুঁতিটো কি ?

উত্তৰঃ তমচুক খামবাব।

5. ব্রহ্মপুত্ৰ নদীৰ আন নাম কি ?

উত্তৰঃ লুইত।

6. অসমৰ পাহাৰীয়া অঞ্চলৰ উচ্চতা কিমান ?

উত্তৰঃ ১০০০ মিটাৰৰ পৰা ১২০০ মিটাৰ।

7. অসমত১৮৬৯ চনৰ ১০ জানুৱাৰীত হোৱা ভূমিকম্পত অসমৰ কোনটো উপত্যকা ১৫ ফুট তললৈ নামি গৈছিল ?

উত্তৰঃ বৰাক উপত্যকা।

8. ব্রহ্মপুত্ৰ নদীৰ মুঠ ৰ্দ্ঘৈ কিমান ?

উত্তৰঃ ২৯০০ কিলোমিটাৰ।

9. ব্রহ্মপুত্ৰ নদীৰ বৃহত্বম উপনদী কোনখন ?

উত্তৰঃ সোৱণশিৰি।

10. অসমৰ কোনখন অঞ্চল আটাইতকৈ শুকান ?

উত্তৰঃ লংকা-হোজাই।

11. অসমৰ দ্বিতীয়খন প্রধান নদী বৰাকৰ ৰ্দ্ঘৈ কিমান কিলোমিটাৰ ?

উত্তৰঃ ৯০০ কিলোমিটাৰ।

12. কোনখন তুষাৰ নদীৰ পৰা ব্রহ্মপুত্ৰ নদীখন ওলাইছে ?

উত্তৰঃ ছেমায়ুং ডং।

13. অসমৰ বৰাক নদী কোনখন পাহাৰৰ পৰা ওলাইছে ?

উত্তৰঃ বৰাইল পাহাৰৰ পৰা।

14. গুৱাহাটী মহানগৰ কোনখন নদীৰ পাৰত অৱস্থিত ?

উত্তৰঃ ব্র হ্মপুত্ৰ।

15. ব্রহ্মপুত্ৰ উপত্যকা কোনখন পৰ্বতমালাৰ নামনিত অৱস্থিত ?

উত্তৰঃ হিমালয় পৰ্বতমালা।

16. অসমৰ সমভূমি অঞ্চলৰ জলবায়ু কেনেকুৱা ?

উত্তৰঃ সেমেকা।

17. অসমৰ একমাত্ৰ পাৰ্বত্য নিবাস কোনখন ?

উত্তৰঃ হাফলং।

18. অসমৰ ক্ষুদ্রতম জিলা কোনখন ?

উত্তৰঃ হাইলাকান্দি।

19. অসমৰ বৃহৎ জিলা কোনখন ?

উত্তৰঃ কার্বি আংলং।