Communication of Assam GK – অসমৰ যোগাযোগ ব্যৱস্থা

অসমৰ যোগাযোগ ব্যৱস্থাৰ বিভিন্ন তথ্য
1. অসমত আধুনিক যোগাযোগ ব্যবস্থাৰ সূচনা কেতিয়াৰ পৰা হয় ?

উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰা।

2. অসমত কেতিয়া ঘাইপথ (ৰাষ্ট্ৰীয় পথ) স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৮৬৬ চনত।

3. অসমৰ প্রধান ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ?

উত্তৰঃ ৩১ নং ৰাষ্ট্ৰীয় পথ।

4. উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় কত ?

উত্তৰঃ গুৱাহাটীৰ মালিগাওঁত।

5. গুৱাহাটী আৰু শ্বিলংৰ মাজৰ ৰাস্তাৰ যোগাযোগ কেতিয়া হৈছিল ?

উত্তৰঃ ১৮৭৭ চনত।

6. অসমত কোনে প্ৰথমতে ৰেল যোগাযোগ আৰম্ভ কৰিছিল ?

উত্তৰঃ অসম ৰেলৱে আৰু ব্যৱসায়িক কোম্পানীয়ে।

7. অসমত নৌ-সেৱা কেতিয়া আৰম্ভ হয় ?

উত্তৰঃ ১৮৪৭ চনত।

8. কোনে ব্রহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা শৰাইঘাট দলংখনৰ নক্সা আৰু পৰিকল্পনা কৰিছিল ?

উত্তৰঃ বি. চি. গাংগুলী।

9. অসমৰ প্রথম আকাশীযান চালক কোন আছিল ?

উত্তৰঃ মহানন্দ দাস।

10. ব্রহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল ?

উত্তৰঃ জৱাহৰলাল নেহৰুৱে (১৯৬২ চনত)।

11. ‘ডিব্ৰুগড় ৰেলৱে কৰ্মশালা’ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৮৮১ চনত।

12. শৰাইঘাট দলং কেতিয়া মুকলি কৰা হৈছিল ?

উত্তৰঃ ১৯৬৩ চনত।

13. অসমৰ মুঠ ঘাইপথৰ দৈর্ঘ কিমান ?

উত্তৰঃ ২০৪৪ কিলোমিটাৰ।

14. এ. এছ. আৰ. টি. চি. (ASRTC) ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ Assam State Road Transport Corporation.

15. এন. এফ, আৰ (N.F.R.) ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ North-east Frontier Railway.

16. গুৱাহাটীত প্রথম কেতিয়া ব্রডগজ স্থাপন হৈছিল ?

উত্তৰঃ ১৯৮৪, ২৪ এপ্ৰিল।

17. ব্রহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং কোনটো ?

উত্তৰঃ কলিয়া ভোমোৰা দলং।

18. শিলচৰৰ বিমান ঘাটি ক’ত অৱস্থিত ?

উত্তৰঃ কুম্ভীৰগ্ৰামত।

19. অসমৰ কামৰূপ জিলাত থকা বিমান বন্দৰটোৰ নাম কি ?

উত্তৰঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।

20. অসমত কিমানটা বিমান বন্দৰ আছে ?

উত্তৰঃ ৬ টা।

21. ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটো ক’ত অৱস্থিত ?

উত্তৰঃ মোহনবাৰীত।

22. অসমত কিমান চনত ৰেললাইন স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৮৮৫ চনত।

23. শোণিতপুৰ জিলাত থকা বিমান বন্দৰটি ক’ত অৱস্থিত ?

উত্তৰঃ শালনিত।

24. লখিমপুৰ জিলাত থকা বিমান বন্দৰটো ক’ত অৱস্থিত ?

উত্তৰঃ লীলাবাৰীত।

25. যোৰহাট জিলাত থকা বিমান বন্দৰটি কোন ঠাইত অৱস্থিত ?

উত্তৰঃ ৰৰৈয়াত।

26. অসমত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ ১৮৬৬ চনত।

27. অসমৰ ক’ত ৰেল ইঞ্জিন মেৰামতি কৰা হয় ?

উত্তৰঃ ডিব্ৰুগড় আৰু বঙাইগাঁওত ।

28. অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰেল স্টেশন কোনটো ?

উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ ‘জাতিঙ্গা’ত।

29 উত্তৰ -পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তর্জাতিক বিমান বন্দৰ কোনটো ?

উত্তৰঃ ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ’।