- Get link
- X
- Other Apps
- Get link
- X
- Other Apps
অসমীয়া চলচিত্ৰ
1. অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা।
2. প্রথম অসমীয়া চলচিত্ৰ স্টুডিঅ’ ৰ নাম কি ?
উত্তৰঃ তেজপুৰত ১৯৩৪ চনত প্রতিষ্ঠিত ‘চিত্ৰবন’।
3. অসমৰ প্রথম বোলছবি কোনখন ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ (১৯৩৫ চন)।
4. প্রথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী কোন ?
উত্তৰঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।
5. প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন ?
উত্তৰঃ ড০ বেজবৰুৱা।
6. ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ?
উত্তৰঃ আইদেউ সন্দিকৈ।
7. প্রথম অসমীয়া হাস্যৰসাত্মক চলচিত্ৰ কোনখন ?
উত্তৰঃ ইটো সিটো বহুতো।
8. প্রথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি ?
উত্তৰঃ অবুজ বেদনা।
9. জ্যোতি প্রসাদ আগৰৱালাই নিৰ্মাণ কৰা ২য় চলচিত্ৰ কোনখন ?
উত্তৰঃ ইন্দ্ৰ মালতি (১৯৩৯)।
10. প্রথম অসমীয়া চলচিত্ৰ অভিনেত্ৰী কোন ?
উত্তৰঃ আইদেউ সন্দিকৈ।
11. সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত ‘অশনি সংকেত’ত অভিনয় কৰা অসমৰ একমাত্ৰ অভিনেত্ৰী গৰাকী কোন ?
উত্তৰঃ চন্দ্ৰা নাথ।
12. প্রথম অসমীয়া চিনেমাস্কোপ ছবি কোনখন ?
উত্তৰঃ জীৱন সুৰভি (১৯৮৪ চন)।
13. গুৱাহাটীত প্রতিষ্ঠিত সর্বপ্রথম চলচিত্ৰ গৃহ কোনখন ?
উত্তৰঃ কেলভিন।
14. কোনখন চলচিত্ৰৰ ৫,৩০,০০০ সংখ্যক শ্ৰাব্য কেছেট বিক্ৰী হৈছিল ?
উত্তৰঃ ৰ’দালি।
15. অনা-অসমীয়া চলচিত্ৰ নিৰ্মাণ কৰা প্রথম অসমীয়া পৰিচালকজন কোন ?
উত্তৰঃ প্ৰমথেশ বৰুৱা (দেৱদাস)।
16. কোনজন অসমীয়া বোলছবি পৰিচালকে প্রথম ৰাষ্ট্ৰপতি পদক লাভ কৰে ?
উত্তৰঃ নিপ বৰুৱা।
17. ভবেন্দ্ৰনাথ শইকীয়াই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ?
উত্তৰঃ অগ্নিস্নান (১৯৮৬ চন)।
18. একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন ?
উত্তৰঃ জুবিন গাৰ্গ।
19. অসমৰ বাহিৰত (বাৰ্লিনত) প্রদৰ্শিত প্রথম অসমীয়া সামাজিক চলচিত্ৰ কোনখন ?
উত্তৰঃ পূৱেৰুণ।
20. ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্রথম অসমীয়া ব্যক্তিজন কোন ?
উত্তৰঃ বিজয় চৌধুৰী।
21. কথাছবিত কলা নিৰ্দেশিকা হোৱা প্রথম অসমীয়া মহিলাগৰাকী কোন ?
উত্তৰঃ এলি আহমেদ।
22. ১৯৯৩ চনত টকিঅ’ত অনুষ্ঠিত ‘এচিয়া পেচিফিক’ চলচিত্ৰ মহোৎসৱত বৰ্ষৰ শ্রেষ্ঠ সংগীত পৰিচালকৰ সন্মান কোনে অৰ্জন কৰিছিল ?
উত্তৰঃ ভূপেন হাজৰিকা।
23. ১৯৪৮ চনত কোনখন ছবিত বিষ্ণু প্রাসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল ?
উত্তৰঃ ‘চিৰাজ’ নামৰ ছবিখনত।
24. ১৯৯৬ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পূৰ্বৰ মুখ্য মন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ জীৱন ভিত্তিক চলচিত্ৰ ‘অল এলোন ইফ নিড বি’ ৰ পৰিচালক কোন আছিল ?
উত্তৰঃ ৰণজিৎ দাস।
25. কোনখন অসমীয়া চলচিত্ৰই প্রথম সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল ?
উত্তৰঃ চামেলি মেমচাব।
26. ১৯৯২ চনত ভূপেন হাজৰিকাই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল ?
উত্তৰঃ ৰ’দালি।
27. ‘জ্যোতি চিত্ৰবন’ কোন চনত স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯৬৮ চনত।
28. শেখৰ কাপুৰ নিৰ্মিত চলচিত্ৰ ‘বণ্ডিত কুইন’ত অভিনয় কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন ?
উত্তৰঃ সীমা বিশ্বাস।
29. ১৯৫৯ চনত ‘বাৰ্লিন চলচিত্ৰ মহোৎসৱত অংশ গ্ৰহণ কৰি শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন ?
উত্তৰঃ জ্ঞানদা কাকতি।
30. অসমৰ ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-স্টেজ’ ক’ত অৱস্থিত ?
উত্তৰঃ তেজপুৰত।
31. ২০০২ চনত শ্রেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচিত্ৰৰ বঁটা লাভ কৰা চলচিত্ৰ কোনখন ?
উত্তৰঃ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ‘কণিকাৰ ৰামধেনু’।
32. ৰাষ্ট্ৰীয় ৰজত কমল বঁটা বিজয়ী প্রতিমা পাণ্ডেৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰৰ নাম কি ?
উত্তৰঃ হস্তীৰ কন্যা।
33. অসমীয়া চলচ্চিত্ৰৰ প্রথম পৰিচালক কোন ?
উত্তৰঃ প্ৰমথেশ বৰুৱা।
34. যোগ্যতাৰ প্রমাণপত্ৰ পোৱা প্রথম অসমীয়া চলচিত্ৰ কোনখন ?
উত্তৰঃ মৰীচিকা (১৯৭২ চন)।
35. গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্রথম অসমীয়া চলচিত্ৰ কোনখন ?
উত্তৰঃ বৃষ্টি (১৯৪৭ চন)।
36. প্রথম অসমীয়া ডাবড্ চলচিত্ৰ কোনটো ?
উত্তৰঃ ভাগ্য।
37. প্রথম অসমীয়া ৰঙীন চলচিত্ৰ কোনখন ?
উত্তৰঃ ভাইটি।
38. ‘স্বৰ্ণ কমল বঁটা’ বিজয়ী প্রথম অসমীয়া চলচিত্ৰ কোনখন ?
উত্তৰঃ হালধীয়া চৰায়ে বাও ধান খায়। (১৯৮৭ চন)।
39. ১৯৯৬ চনত ছিঙ্গাপুৰত অনুষ্ঠিত চলচিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্রদান কৰা হৈছিল ?
উত্তৰঃ বিষ্ণু খাৰঘৰীয়াক ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে।
40. ফণী শৰ্মাই ‘জয়মতী’ চলচিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল ?
উত্তৰঃ চাওদাং বৰুৱা।
41. ১৯৩৪ চনত বঙালী চলচ্চিত্ৰ ‘দেৱদাস’ পৰিচালনা তথা ইয়াৰ নাম ভূমিকাত অভিনয় কৰা অসমীয়া ব্যক্তিজন কোন ?
উত্তৰঃ প্ৰমথেশ বৰুৱা।
42. কোনখন অসমীয়া কথাছবিয়ে প্রথমে ‘এ’ ছাৰ্টিফিকেট লাভ কৰিছিল ?
উত্তৰঃ মৰীচিকা।
43. প্রতিখন ছবিতে শ্রেষ্ঠ আঞ্চলিক ছবিৰ ‘ৰাষ্ট্ৰীয় ৰজত কমল বঁটা’ লাভ কৰা ছবি নিৰ্মাতাগৰাকী কোন ?
উত্তৰঃ ভবেন্দ্র নাথ শইকীয়া।
44. কোনখন অসমীয়া কথাছবিত আৰু কোনজন অসমীয়া অভিনেত্ৰীয়ে প্রথমে দ্বৈত চৰিত্ৰত অভিনয় কৰে ?
উত্তৰঃ ‘মেঘমুক্তি’ নামৰ ছবিখনত মৃদুলা বৰুৱাই।
45. ১৯৯৯ চনত পঞ্চম কলকাতা চলচিত্ৰ মহোৎসৱত প্রদৰ্শিত মঞ্জু বৰাৰ দ্বাৰা নিৰ্মিত চলচিত্ৰখনৰ নাম কি ?
উত্তৰঃ বৈভৱ।
46. ভূপেন হাজৰিকাৰ প্রথম বঙালী ছবিখনৰ নাম কি ?
উত্তৰঃ মাহুত বন্ধুৰে।
47. মলয়া গোস্বামীয়ে শ্রেষ্ঠ ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান লাভ কৰা বোলছবিখনৰ নাম কি ?
উত্তৰঃ ফিৰিঙতি।
48. প্রমথেশ বৰুৱাই সৰ্বমুঠ কেইখন ছবি পৰিচালনা কৰিছিল ?
উত্তৰঃ ২১ খন।
49. ‘দেৱদাস’ নামৰ ছবিখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ?
উত্তৰঃ ১৯৩৪ চনত।
50. ‘দীনবন্ধু’ কথাছবিখন কোনে পৰিচালনা কৰিছিল ?
উত্তৰঃ মুনিন বৰুৱাই।
51. ১৯৫৫ চনত ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা ছবিখন কি ?
উত্তৰঃ পিয়লি ফুকন।
52. পৰিৱেশ শিতানত কোনজন অসমীয়া চলচ্চিত্ৰ পৰিচালকৰ কোনখন চলচিত্ৰই ৰাষ্ট্রীয় বঁটা লাভ কৰিছিল ?
উত্তৰঃ জাহ্নু বৰুৱাই পৰিচালনা কৰা ছবি ‘বনানি’ ?
53. অসমীয়া চলচিত্ৰৰ প্রথম কেমেৰামেন গৰাকী কোন ?
উত্তৰঃ প্ৰতাপ বৰুৱা।
54. আন্তর্জাতিক বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্রথম অসমীয়া ছবি কোনখন ?
উত্তৰঃ পূৱেৰুণ ।