অসমীয়া নাট্য উদ্যোগ সাধাৰণ জ্ঞান | Assamese Drama GK

অসমীয়া নাট্য উদ্যোগ সাধাৰণ জ্ঞান

1. অসমীয়া নাটকৰ পিতৃস্বৰূপ কোন ? 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

2. শ্ৰীমন্ত শংকৰদৱে ৰচনা কৰা নাটকসমূহক কি বুলি কোৱা হয় ?

উত্তৰঃ অংকীয়া নাট।

3. অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ কি ?

উত্তৰঃ সূত্ৰধাৰ।

4. অসমৰ থিয়েটাৰৰ মূল ভেটি কি ?

উত্তৰঃ পুৰণি কালত অসমত প্ৰচলিত ‘ওজাপালি’ আৰু ‘পুতুলা নাচ’ অসমৰ থিয়েটাৰৰ মূল Îভটি।

5. লম্বোদৰ বৰাই অসমীয়ালৈ অনুবাদ কৰা সংস্কৃত নাটক কোনখন ?

উত্তৰঃ কালিদাসৰ ‘শকুন্তলা’।

6. কামৰূপ নাট্য পৰিষদৰ প্রথম সম্পাদক গৰাকী কোন আছিল ?

উত্তৰঃ ৰঘুনাথ চৌধাৰী।

7. কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্রথমে অসমীয়া অংকীয়া নাট মঞ্চস্থ কৰিছিল ?

উত্তৰঃ হেমন্ত মিশ্ৰই (আমেৰিকাত)।

8. ১৯৫৪ চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতি প্রসাদ আগৰৱালাৰ কোনখন নাটকে শ্রেষ্ঠ লোক নাটৰ সন্মান লাভ কৰে ?

উত্তৰঃ শোণিত কুঁৱৰী।

9. ১৯৬৩ চনত দিল্লীত অনু্িঠত বহুভাষিক নাট মহোৎসৱত কোনখন অসমীয়া নাটে শ্রেষ্ঠ নাটৰ বঁটা লাভ কৰিছিল ?

উত্তৰঃ ‘জুইয়ে পোৰা সোণ’ (ৰচক ফণী শৰ্মা)।

10. অসমৰ সৰ্বপ্রথম ভ্ৰাম্যমান নাট্যদল কোনটো ?

উত্তৰঃ নটৰাজ থিয়েটাৰ।

11. প্রথম অসমীয়া সামাজিক নাটক কোনখন ?

উত্তৰঃ গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা ‘ৰাম নৱমী’।

12. গুৱাহাটী অনাতঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা প্রথম অসমীয়া নাট কোনখন ?

উত্তৰঃ ‘ধৰালৈ যিদিনা নামিব সৰগ’ (ৰচক: সত্য প্ৰসাদ বৰুৱা)।

13. সংস্কৃত ভাষাৰ নাটক অসমীয়ালৈ অনুবাদ কৰা প্রথম অসমীয়াজন কোন ?

উত্তৰঃ লম্বোদৰ বৰা।

14. কোনটো নাট্যদলে খ্যাতনামা নৃত্য পৰিচালক কমলা নাথৰ নৃত্য পৰিচালনাৰে ‘লেডী ডায়েনা’ মঞ্চস্থ কৰিছিল ?

উত্তৰঃ আৱাহন থিয়েটাৰ।

15. কোনখন থিয়েটাৰ মঞ্চত ব্রজনাথ শৰ্মাই এজন অভিনেতা হিচাপে আত্ম প্রকাশ কৰিছিল ?

উত্তৰঃ ডুমডুমাত প্ৰদৰ্শিত থিয়েটাৰ মঞ্চত।

16. ‘টাইটানিক’ নাটকখন কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উত্তৰঃ কহিনুৰ থিয়েটাৰে।

17. অসমৰ বিখ্যাত আৰু পুৰণি ৰংমঞ্চ ক’ত অবস্থিত?

উত্তৰঃ তেজপুৰত।

18. কোন গৰাকী ব্যক্তিয়ে ‘লেডী ডায়েনা’ৰ নাট্যৰূপ দিছিল ?

উত্তৰঃ সেৱাব্রত বৰুৱা।

19. ব্রজনাথ শৰ্মাদেৱে গঠন কৰা ভ্ৰাম্যমাণ নাট্যদলটোৰ নাম কি ?

উত্তৰঃ কহিনুৰ অপেৰা পাৰ্টি।

20. ‘লেডী ডায়েনা’ কোখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উত্তৰঃ আৱাহন থিয়েটাৰে।

21. ‘নটৰাজ থিয়েটাৰ’ দল কোন চনত গঠিত হয় ?

উত্তৰঃ ১৯৬৩ চনত।

22. কোনজন অসমীয়া নাট্যকাৰে ‘টাইটানিক’ নামৰ ইংৰাজী কথাছবিখনৰ নাট্যৰূপ দিয়াৰ লগতে নাটকখন পৰিচালনাও কৰিছিল ?

উত্তৰঃ হেমন্ত দত্ত।

23. অসমৰ এজন বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক। এইজন ব্যক্তিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোতে ‘একলব্য’ নামৰ নাটকখন ৰচনা কৰিছিল। ব্যক্তিজন কোন ?

উত্তৰঃ লক্ষ্যধৰ চৌধুৰী।

24. ‘বেন্ডিত কুইন’ কোনখন থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উত্তৰঃ হেঙুল থিয়েটাৰ।

25. তৰুণ কুমাৰ বৰদলৈয়ে কিমান চনত ‘নাট্যভূষণ বঁটা’ লাভ কৰে ?

উত্তৰঃ ১৯৯৮ চনত।

26. অসমীয়া নাটক বাণীবদ্ধ কৰা প্রথম অসমীয়া ব্যক্তিজন কোন ?

উত্তৰঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

27. ‘লেডি ডায়েনা’ নাটকখন কোনে পৰিচালনা কৰিছিল ?

উত্তৰঃ তপন দাসে।

28. ‘অনামিকা যুৱ শিল্পী সমাজে’ এজন ব্যক্তিক মৰণোত্তৰভাৱে ‘অভিনায়াচাৰ্য’ উপাধি প্রদান কৰিছিল। ব্যক্তিজন কোন ?

উত্তৰঃ ব্র জনাথ শৰ্মা।

29. ‘ধৰালৈ যিদিনা নামিব সৰগ’ নাটকখনৰ ৰচক কোন ?

উত্তৰঃ সত্যপ্ৰসাদ বৰুৱা।

30. ‘কাঠমাণ্ডুৰ দেৱযানী’ কোনখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল ?

উত্তৰঃ ভাগ্যদেৱী থিয়েটাৰ।