Assam Sports GK – অসমৰ ক্ৰীড়া সাধাৰণ জ্ঞান

[ অসমৰ ক্ৰীড়া – 1 ]
1. ‘খেল-ধেমালী’ বুলিলে কি বুজা ?

উত্তৰঃ শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ বাবে কিছুমান নীতি-নিয়ম মানি চলি সাধাৰণ সঁজুলিৰ সহায়ত অংগ সঞ্চালন কৰা কাৰ্যক ‘খেল-ধেমালী’ বোলে ।

2. ‘অসম হকী এছ’চিয়েচন’ কিমান চনত সংগঠিত হৈছিল ?

উত্তৰঃ ১৯৫৫ চনত।

3. বৰদলৈ ট্ৰফী প্রতিযোগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল ?

উত্তৰঃ ১৬ টা।

4. অসমৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্রতিযোগিতা অনুষ্ঠিত হয় ?

উত্তৰঃ জীয়া ভৰলীত।

5. প্রথম অসমীয়া ফিফা ৰেফাৰী কোন ?

উত্তৰঃ বাবুল বাৰ্মিজ।

6. গুৱাহাটীত প্রথম এদিনীয়া আন্তঃৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজতঅনুষ্ঠিত হৈছিল ?

উত্তৰঃ ওৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত।

7. ‘লোকপ্রিয় বৰদলৈ ট্ৰফী ফুটবল’ প্রতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৫২ চনত।

8. কোন তাৰিখত ‘অসমত ক্ৰীড়া দিৱস’ উৎযাপন কৰা হয় ?

উত্তৰঃ ১৭ অক্টোবৰ ।

9. ‘ডুগৰ শিল্ড ফুটবল’ প্রতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ ১৯৬২ চনত।

10. অসমৰ স্বাধীনতা কাপ ফুটবল প্রতিযোগিতা কিমান চনত আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৪৭ চনত।

11. ‘বৰদলৈ ট্ৰফী’ প্রতিযোগিতা’ৰ প্রথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল ?

উত্তৰঃ ১৯৯৩ চনত।

12. কোন চনত গুৱাহাটীত সৰ্বপ্রথম এদিনীয়া আন্তর্জাতিক ক্ৰিকেট প্রতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল ?

উত্তৰঃ ১৯৮৩ চনত।

13. ৰঞ্জী ট্ৰফী ক্ৰিকেট প্রতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্রথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ অনুপ ঘটক।

14. উজনি অসমৰ ‘মেগৰ ফুটবল একাডেমী’ কাৰ দ্বাৰা গঠন কৰা হৈছিল ?

উত্তৰঃ উইলিয়াম মেগৰ দ্বাৰা।

15. ‘ভাৰতীয় ফুটবল সংস্থা’ৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন ?

উত্তৰঃ নুৰুল আমিন।

16. অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ আৰ. জি. বৰুৱা।

17. এদিনীয়া আন্তর্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন ?

উত্তৰঃ সুৰেণৰাম ফুকন।

18. বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্রেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ তোষেশ্বৰ দত্ত ।

19. অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন ?

উত্তৰঃ ভোগেশ্বৰ ভৰালী আৰু মনালিছা।

20. ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

Also Read: অসম বুৰঞ্জী

[ অসমৰ ক্ৰীড়া – 2 ]
1. ‘আকাঙ্খাৰ আটলান্টিক’ নামৰ ক্ৰীড়া ভিত্তিক উপন্যাসখনৰ লিখক কোন ?

উত্তৰঃ শ্যামা প্ৰসাদ শৰ্মা।

2. ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিচ প্ৰতিযোগিতাত জয় লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোনজন ?

উত্তৰঃ চুচেন দাস।

3. ১৯৮৫ চনত বেংককত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন ?

উত্তৰঃ ফ্রান্সিচ বৰুৱা।

4. ভাৰতীয় টেবুল টেনিচ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?

উত্তৰঃ নন্দিনী বৰুৱা।

5. ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

6. ১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীড ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈজন কোন ?

উত্তৰঃ এলভিছ আলী হাজৰিকা।

7. ভাৰত ‘এ’ দলত অন্তর্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ কোন ?

উত্তৰঃ জাবেদ জামান।

8. ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন ?

উত্তৰঃ বীৰেন বড়ো।

9. কোন চনত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল ?

উত্তৰঃ ১৯৮০ চনত।

10. বিশ্ব টেবুল টেনিচ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ পল্লৱী পৰাশ।

11. ভাৰতৰ বক্সিং দলত স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?

উত্তৰঃ বিতোপন শইকীয়া।

12. ১৯৯২ চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ খিতাপ কোনে অৰ্জন কৰিছিল ?

উত্তৰঃ চিৰাজ উদ্দিন আহম্মেদ।

13. ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ গৌতম দত্ত ।

14. অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ টালিমেৰণ আও (১৯৪৮ চন)।

15. অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ পদক পাইছিল ?

উত্তৰঃ এলভিচ আলী হাজৰিকা।

16. ৰাষ্ট্ৰীয় জুডো চেম্পিয়নশ্বিপত অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম পদক অৰ্জন কৰিছিল ?

উত্তৰঃ মানস দাস (১৯৮৯ চন)।

17. ইংলণ্ডত প্ৰচলিত ‘হোৱা ডেট টাইগা’ নামৰ খেলবিধ অসমত কোনে আৰম্ভ কৰিছিল ?

উত্তৰঃ সুখদেৱ গোস্বামী।

18. ১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈজন কোন ?

উত্তৰঃ মিঠু বৰুৱা।

19. এছিয়ান গেমচত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন ?

উত্তৰঃ ভোগেশ্বৰ বৰুৱা (১৯ ৬৬ চন)।

20. অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত ?

উত্তৰঃ নিপ বৰুৱা।

[ অসমৰ ক্ৰীড়া – 3 ]
1. ২০০১ চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান লাভ কৰা অসমীয়া খেলুৱৈজনৰ নাম কি ?

উত্তৰঃ অংশুমান দত্ত (১৪ বছৰ বয়সত)।

2. ১৯৯৪ চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ দীপাংকৰ ভট্টাচাৰ্য।

3. ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আছিল ?

উত্তৰঃ অৰুনিমা মজুমদাৰ (১৯৯৭ চন)।